PMAY scam in Barpeta: বৰপেটাত PMAY আঁচনিত অনিয়ম নোহোৱাৰ দাবী ৱাৰ্ড কমিছনাৰৰ - ward commissioner alleged corruption in PMAY

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 29, 2023, 10:05 PM IST

বৰপেটা, ২৯ এপ্ৰিল:  বৰপেটা পৌৰসভাৰ ১নং ৱাৰ্ডৰ ঘোঁৰামাৰা হাটীত হাতীৰ ছবিত ভোট দিয়া বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰা বঞ্চিত হোৱাৰ অভিয়োগ উত্থাপিত হৈছে (People deprived of PMAY in Barpeta) ৷ অভিযোগ অনুসৰি পৌৰসভাৰ নিৰ্বাচনত বিজেপিক ভোট নিদি অগপ প্ৰাৰ্থীক ভোট ভোট দিয়া বাবে বৰপেটা পৌৰসভাৰ ১নং ৱাৰ্ডৰ বিজেপি ৱাৰ্ড কমিছনাৰ তথা পৌৰসভাৰ উপ-সভাপতি ৰাজেন তালুকদাৰে তেওঁলোকক বঞ্চিত কৰিছে (ward commissioner alleged corruption in PMAY) ৷ 

এই সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পিছতেই ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ৰাজেন তালুকদাৰে শনিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি স্পষ্টিকৰণ দিয়ে (Press Meet of Barpeta Ward Commissioner)। ৱাৰ্ড কমিছনাৰ ৰাজেন তালুকদাৰে বৰপেটা পৌৰসভাৰ সকলো দুখীয়া লোকেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিব বুলি কয় ৷ 

ৱাৰ্ড কমিছনাৰগৰাকীয়ে কয় যে ইতিমধ্যে প্ৰতিটো দুখাীয়া পৰিয়ালৰ নাম হিতাধিকাৰী তালিকাত অন্তৰ্ভূক্ত হৈছে আৰু চৰকাৰী নীতিৰ আধাৰত প্ৰতিটো দুখীয়া পৰিয়ালেই ঘৰ লাভ কৰিব ৷ তেওঁ কয় যে, কোনোবা অগপ বা অন্য দলৰ লোক বুলি হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰাটো অমূলক কথা (PMAY scam in Barpeta) ৷  

ইয়াকে লৈ তেওঁক একাংশ লোকে অপদস্থ কৰাৰ কথাও তেওঁ উল্লেখ কৰে ৷ তেওঁ কয় যে, পূৰ্বতে বৰপেটা পৌৰসভা অগপৰ দখলত আছিল ৷ কিন্তু দুখীয়া লোকসকলে এই আৱাস লাভ নকৰিলে ৷ অগপ আৰু বিজেপিৰ মিত্ৰতাৰে নতুনকৈ গঠন হোৱা বৰপেটা পৌৰসভাই চহৰখনৰ সকলো দুখীয়া লোকৰ নাম অন্তৰ্ভুক্ত কৰি এই তালিকা প্ৰস্তুত কৰাৰ কথাও তেওঁ কয় ৷

লগতে পঢ়ক:PMAY Scam in Barpeta: অগপক ভোট দিয়াৰ বাবেই চৰকাৰী ঘৰৰ পৰা বঞ্চিত বৰপেটাৰ একাংশ লোক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.