Barpeta Medical College: বৰপেটা মেডিকেল কলেজত বিয়লি ভাগতো উপলব্ধ হ’ব বৰ্হিঃবিভাগৰ সেৱা - OPD services in Barpeta Medical College
🎬 Watch Now: Feature Video
বৰপেটা, ১২ মে': বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষৰ বিশেষ পদক্ষেপ ৷ এতিয়াৰে পৰা বিয়লিৰ ভাগতো বৰ্হিঃবিভাগৰ চিকিৎসাৰ সুবিধা লাভ কৰিব ৰোগীয়ে ৷ বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে জনোৱা অনুসৰি শুকুৰবাৰৰে পৰা বিয়লি ৪ বাজি ৩০ মিনিটৰ পৰা সন্ধিয়া ৬ বজালৈ বৰ্হিঃবিভাগৰ চিকিৎসা মুকলি কৰা হৈছে (OPD services available at afternoon in Barpeta Medical College ) ৷
প্ৰথম অৱস্থাত মঙল, বুধ আৰু বৃহস্পতিবাৰৰ বাবে এই চিকিৎসা সেৱা মুকলি কৰা হৈছে ৷ বৰ্হিঃবিভাগৰ চিকিৎসাৰ সময়ত বিশেষকৈ শৈল, হাঁপানী, বহুমূত্ৰ, উচ্চ ৰক্তচাপ, কৈশোৰ চিকিৎসা, মানসিক ৰোগ আৰু অস্থিৰোগ বিভাগৰ কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা আগবঢ়াব বুলি জানিবলৈ দিয়ে অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে (OPD services in Barpeta Medical College) ৷
বৰপেটা মেডিকেল কলেজ হস্পতালৰ চিকিৎসা সেৱা অধিক উন্নত কৰাৰ বাবে হাস্পতালখনত বহু অত্যাধুনিক যন্ত্ৰপাতিৰ সংযোজন কৰা হৈছে বুলিও ডাঃ ৰমেন তালুকদাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ বৰপেটাৰ সংবাদিকসকলে ৰোগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিয়লিৰ ভাগত OPD চিকিৎসা সেৱাৰ বাবে জনোৱা পৰামৰ্শৰ ভিত্তিত বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে গ্ৰহন কৰা এনে পদক্ষেপে নিসন্দেহে ৰোগীসকলক সকাহ দিব ৷