Rohingya Trafficker: ত্ৰিপুৰাত ৰোহিংগীয়া সৰবৰাহকাৰীৰ সৈতে বাংলাদেশী যুৱক গ্ৰেপ্তাৰ

By

Published : Jul 29, 2023, 10:39 PM IST

thumbnail

ত্ৰিপুৰা, 29 জুলাই : ত্ৰিপুৰাত অসম আৰক্ষীৰ বৃহৎ সফলতা ৷ এটা নিৰ্দিষ্ট গোচৰৰ ভিত্তিত ৰোহিংগীয়া সৰবৰাহকাৰীৰ সৈতে এজন বাংলাদেশী যুৱকক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে ৷ 

অসম আৰক্ষীয়ে শনিবাৰে পুৱা ত্ৰিপুৰাৰ পশ্চিম জিলাৰ মোহনপুৰ বোৱালিয়া চুবুৰীত অভিযান চলাই ৰোহিংগীয়া সৰবৰাহৰ অভিযোগৰ ভিত্তিত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে অভিযুক্তজনৰ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে এজন বাংলাদেশী যুৱকক ৷ 

ৰোহিংগীয়া সৰবৰাহকাৰীজন কাজল সৰকাৰ আৰু বাংলাদেশী লোকজন বিষ্ণু চন্দ্ৰ মণ্ডল বুলি জানিব পৰা গৈছে ৷ বাংলাদেশী যুৱক বিষ্ণু চন্দ্ৰ মণ্ডলক গ্ৰেপ্তাৰ কৰাৰ উপৰিও আৰক্ষীয়ে কাজলৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে 9 খন আধাৰ কাৰ্ড, দুখন পান কাৰ্ডকে ধৰি কেইবাখনো বাংলাদেশী নথি ৷ লগতে কেইবাটাও বিদেশী মুদ্ৰাও জব্দ কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে দুয়ো অভিযুক্তকে সোধা-পোচা অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক: Suspected Murder case: চিপ লোৱা অৱস্থাত ৰহস্যজনকভাৱে যুৱক উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.