RBD protest at Ambari: বজৰং দলৰ সদস্যৰ হত্যাৰ অভিযোগত জেহাদীৰ জুমুঠি দাহ কৰি প্ৰতিবাদ বজৰংগ দলৰ

By

Published : Jan 11, 2023, 2:30 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

গুৱাহাটীৰ আমবাৰীত বজৰং দলৰ প্ৰতিবাদ (Rashtriya Bajrang Dal protest)। কৰিমগঞ্জত বজৰং দলৰ এজন সদস্যক হত্যাৰ অভিযোগত জেহাদীৰ জুমুঠি দাহ ৰাষ্ট্ৰীয় বজৰংগ দলৰ । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । NIAৰ জৰিয়তে হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী বজৰং দলৰ । ৰাষ্ট্ৰীয় বজৰংগ দল অসমৰ সভাপতি দিনেশ কলিতাই কয় যে হিন্দু যুৱ কৰ্মী শম্ভু কৈৰীক ৮ জানুৱাৰীত কৰিমগঞ্জ জিলাৰ বাজাৰিছেৰা পুলিচ থানাৰ অন্তৰ্গত লাৱাইৰপোৱাত মুছলিম আক্ৰমণকাৰীয়ে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি বৰ্বৰতাৰে হত্যা কৰিছিল । এই হত্যাকাণ্ডৰ আঁৰত জেহাদী শক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বজৰংগ দল (Bajrang member murder) । হত্যাকাৰীক কৰায়ত্ত কৰাৰ লগতে হত্যাকাৰীৰ ঘৰ বুলডজাৰ লগাই উচ্ছেদ কৰিবলৈ দাবী জনায় । এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক অনতি পলমে কৰায়ত্ত কৰি ফাষ্টট্ৰেক আদালতত গোচৰ চলাই ফাঁচী দিবলৈ দাবী জনায় । লগতে শম্ভু কৈৰীৰ পৰিয়ালক তৎকালে ৫০ লাখ টকাৰ আৰ্থিক সাহায্য দিবলৈও মুখ্যমন্ত্ৰীক আহ্বান জনায় । বৰ্তমান এই চৰকাৰৰ দিনত হিন্দুসকল সুৰক্ষিত নহয়, প্ৰতিদিনে ইছলামী শক্তিয়ে হিন্দুত্ববাদীক হত্যা কৰি আছে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে হিন্দুসকলক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বুলিও মন্তব্য কৰে ৰাষ্ট্ৰীয় বজৰংগ দল অসমৰ সভাপতি দিনেশ কলিতাই ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.