Baisagu celebrations in Assam: জোনাইত বড়ো জনগোষ্ঠীয় লোকসকলৰ বৈশাগু উদযাপন - Baisagu celebrations in Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18253900-thumbnail-16x9-aii.jpg)
জোনাই, ১৪ এপ্ৰিল: আজি বড়ো জনগোষ্ঠীয় লোকসকলৰ প্ৰধান উৎসৱ বৈশাগু (Baisagu celebrations in Assam) ৷ বৈশাগু মানে হ’ল নৱবৰ্ষৰ আৰম্ভণি। ইয়াৰে ‘বৈশা’ শব্দই নতুন বছৰ আৰু ‘আগে’ বা ‘আগু’ শব্দই আৰম্ভণি বুজায় । শুকুৰবাৰে সানজাৰি নৌগৌৰ বৈশাগু আফাডৰ উদ্যোগত হচং বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত উলহ মালহেৰে পালন কৰা হয় ৰংজালি বৈশাগু আদৰণি উৎসৱ (Baisagu celebrations at Jonai)।
এই অনুষ্ঠানৰ উপলক্ষে পুৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰে সানজাৰি নৌগৌৰ বৈশাগু ফূৰবো আফাড, বড়ো সাহিত্য সভা, এবছু, ইউবিপিঅ, আবৌফ, বাথৌ মহাসভা, বড়ো হাৰিমু আফাড আৰু ব্ৰহ্ম ধৰ্ম সমিতিৰ চিমেন আঞ্চলিক সমিতিৰ সভাপতিসকলে । তাৰ পাচতে ৯ বজাত আদৰণি ভাষণ আগবঢ়াই ৰংজালি বৈশাগু আদৰণি উৎসৱৰ উদযাপন সমিতিৰ সভাপতি মলেন্দ্ৰ নাৰ্জাৰীয়ে।
ইয়াৰ পাচতে মুখ্য অতিথিৰ ভাষণ আগবঢ়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ সহকাৰী অধ্যাপক ব্ৰিদুল বসুমতাৰীয়ে । সন্মানিত অতিথি হিচাপে উপস্থিত থাকে ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে বড়ো সকলৰ ঐতিহ্য, পৰম্পৰা, কৃষ্টি-সংস্কৃতিৰ ওপৰত সাৰুৱা ভাষণ আগবঢ়ায় ।
লগতে পঢ়ক: AIIMS Guwahati : অসমবাসীয়ে লাভ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান
এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী, কাৰ্যবাহী সদস্য অনিল বসুমতাৰী, সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী ধেমাজি জিলা আৰু চিমেন আঞ্চলিক সমিতিৰ বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে ।