World Disability Day : বাইহাটাৰ এগৰাকী উচ্চ শিক্ষিত দিব্যাংগ যুৱকৰ মৰ্মবেদনা
🎬 Watch Now: Feature Video
আজি বিশ্ব প্ৰতিবন্ধী দিৱস (World Disability Day) । এই প্ৰতিবন্ধী দিৱসৰ এক ব্যতিক্ৰমী দৃশ্য । এই দৃশ্য বাইহাটা চাৰিআলিৰ জাজিকোনা অৰ্ধ সপ্তাহিক বজাৰৰ (World Disability Day observed today) । এইগৰাকী যুৱকৰ নাম সুৰেশ শৰ্মা । কামৰূপ জিলাৰ বৰগাঁৱৰ সুৰেশ শৰ্মা এজন দিব্যাংগ । জন্মগতভাৱে অন্ধ সুৰেশ ৰাজনীতি বিভাগৰ স্নাতকোত্তৰ । কিন্তু বৰ্তমান বজাৰে বজাৰে নাৰিকলৰ ব্যবসায় কৰি পৰিয়াল চলাই আছে সুৰেশে । বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনা দিব্যাংগ সুৰেশ ব্যস্ত নিজ ব্যৱসায়ত (World Disability Day 2022) । অন্য দহজনৰ বাবে আদৰ্শ হৈ পৰা যুৱক সুৰেশ শৰ্মাই বিগত সময়ত পোৱা নাই কোনো চৰকাৰী সা-সুবিধা । স্বাৱলম্বী হ'বলৈ আশা কৰা সুৰেশে বিচাৰিছে চৰকাৰৰ পৰা কিছু আৰ্থিক সহায়-সহযোগিতা ।
Last Updated : Feb 3, 2023, 8:34 PM IST