Badruddin Ajmal inspects flood erosion : কলগাছিয়াৰ মইনবড়ীত AIUDFৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ কান্দোন
🎬 Watch Now: Feature Video
জনিয়া, 5 অক্টোবৰ : ‘‘হে আল্লাহ মোক ক্ষমা কৰি দিয়ক ৷ হে আল্লাহ এই নদীৰ গতি আপুনি সলনি কৰি দিয়ক ৷ আমাৰ হাতত একোৱে নাই ৷ সকলো আপোনাৰ হাতত আছে ৷ সহায় কৰক আল্লাহ ৷’’ বুধবাৰে বিয়লি কলগাছিয়াৰ মইনবড়ীত উপস্থিত হৈ ৰাইজৰ আগত হুকহুকাই কান্দি এই মন্তব্য কৰে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে ৷
উল্লেখ্য যে, বুধবাৰে বিয়লি বাঘবৰ সমষ্টি তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবড়ী অঞ্চলৰ বেঁকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ আহিল AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল ৷ ইফালে খহনীয়া প্ৰতিৰোধ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আজমলে অনুৰোধ জনাব বুলিও খহনীয়াগ্ৰস্ত ৰাইজক আশ্বাস প্ৰদান কৰে ।
তাৰ পাচতে এক ৰাজহুৱা সভাত অংশ লৈ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনায় AIUDF প্ৰধানগৰাকীয়ে । এই সভাতে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰশংসাত পঞ্চমুখ হ’ল আজমল । আনহাতে, সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজমলে কয়, ‘‘বিজেপি অসমৰ পৰা আৰু ভাৰতবৰ্ষৰ পৰা বিদায় ল’ব ৷ সেই কাৰণে বিজেপিয়ে মাটি ধৰি ৰাখিবলৈ "অমৃত কলহ" পালন কৰি আছে’’ ৷
বুধবাৰে কলগাছিয়াৰ গৰাখহনীয়া পৰিদৰ্শন কৰাৰ সময়ত আজমলৰ সৈতে উপস্থিত থাকে জনিয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন ।
লগতে পঢ়ক : Badruddin Ajmal: এফালে I.N.D.I.Aত যোগদানৰ আশা, আনফালে ক্ষোভ আজমলৰ; মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও সমালোচনাত মুখৰ