Pathetic Condition of National Highway: মৃত্যুদূতৰূপী টীয়কৰ ৰাষ্ট্ৰীয় ঘাইপথ - 36 National Highway

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 17, 2023, 4:44 PM IST

টীয়ক,17 জুন: ‘ৰ’দ দিলে ধূলি, বৰষুণ দিলে বোকা পানী আৰু গাঁতৰ সৃষ্টি হয় ৷ যাৰ বাবে সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ সেয়ে আমাক যাতায়তৰ বাবে ৰে’ল অথবা হেলিকপ্টাৰৰ ব্যৱস্থা কৰি দিয়ক ৷ কাৰণ ইখনৰ পাছত সিখন বাইক দুৰ্ঘটনাত পতিত হৈছে ৷ ’ মৃত্যুদূতৰূপী ৰাষ্ট্ৰীয় ঘইপথৰ বাবে ৰাইজৰ এই  আহ্বান মুখ্যমন্ত্ৰীলৈ ৷  

আপুনি যদি মটৰচাইকেলেৰে টীয়কলৈ যাব বিচাৰে নেকি !  তেন্তে সাৱধান । কাৰণ  টীয়কত চলি থকা নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বিধস্ত ৰূপে জ্বলাকলা খুৱাইছে পথচাৰীক ৷ টীয়ক সমষ্টিৰ অন্তৰ্গত চটাইত অতি ভয়ংকৰ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ । বৰ্তমানলৈকে দুৰ্ঘটনাত পতিত হৈছে ২২ খনকৈ দুচকীয়া বাহন ৷ অত্যন্ত বৰষুণৰ ফলতে বিপদজনক হৈ পৰিছে নিৰ্মীয়মান পথটো ।  

টীয়কৰ চটাইৰ প্ৰায় ৩০০ মিটাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ অৱস্থাই বাৰুকৈ বিপদত পেলাইছে পথচাৰীক ৷ উল্লেখযোগ্য যে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ গতি লেহেমীয়া হোৱাৰ ফলতে প্ৰায় বছৰ বছৰ ধৰি দুৰ্ভোগ ভোগী আহিছে সাধাৰণ ৰাইজে । নিতৌ সৰু বৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো কাণসাৰ নাই পথ নিৰ্মাণ সংস্থাৰ । উক্ত পথছোৱা অনতি পলমে মেৰামতি কৰি ৰাইজৰ যাতায়ত সুচল কৰিবলৈ উৰ্দ্ধতন কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক:Jonali Nath murder updates : হাছানুৰৰ সহযোগী আজিবৰ ৰহমানক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.