Elephant training in Assam: নগাঁৱৰ ইউচুফ আলীয়ে প্ৰশিক্ষণ দিলে মহাদেৱক

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 1:17 PM IST

Updated : Nov 7, 2023, 2:22 PM IST

thumbnail

চামগুৰি, ৭ নৱেম্বৰ : নগাঁৱৰ ইউচুফ আলীয়ে প্ৰশিক্ষণ দিলে মহাদেৱক । মহাদেৱ হৈছে বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈৰ হাতী পোৱালি । নগাঁৱৰ বালিজুৰিত চলিছে মহাদেৱৰ প্ৰশিক্ষণ । বতৰ্মানলৈকে ইউচুফ আলীয়ে প্ৰশিক্ষণ দিছে পোন্ধৰটাকৈ হাতী । শেহতীয়াকৈ ইউচুফ আলীয়ে মহাদেৱক ফুটবল খেলা, মন্দিৰত সেৱা কৰা, মছজিদত দোৱা কৰা, লাঠি খেলা আদিকে ধৰি বহুতো খেলৰ প্ৰশিক্ষণ দিছে ।

মহাদেৱৰ বয়স দুই বছৰ সাত মাহ । এই হাতী পোৱালিটোক ইউচুফ আলীয়ে তিনিটা ভাষা বিশেষকৈ অসমীয়া, হিন্দী, ইংৰাজীত কথা বুজি পোৱাৰ প্ৰশিক্ষণ দিছে । মহাদেৱে তিনিটা ভাষাতে কথা বুজি পাই আৰু যি কৰিব দিয়ে কৰি যায় । বৰ্তমান এই হাতী পোৱালিটোক চাবলৈ বহুত মানুহৰ সমাগম হয় নগাঁৱৰ বালিজুৰিত ।

লগতে পঢ়ক:Lok Sabha election 2024: বিজেপিয়ে বিচাৰিলেই হাগ্ৰামা আহিবনে ? ভিতৰি কি অংক কৰিছে বিপিএফ প্ৰধানে ?

Last Updated : Nov 7, 2023, 2:22 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.