Ayyappa Devotees Witness Makarajyothi: সবৰীমালাৰ ধৰ্মীয় শোভাযাত্ৰাৰ সাক্ষী হ’ল আয়াপ্পা ভক্তসকল - মকৰসংক্ৰান্তি পালন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17488264-thumbnail-3x2-food.jpg)
দেশজুৰি বিভিন্ন ৰাজ্যত ভিন্ন নামেৰে মকৰসংক্ৰান্তি পালন কৰা হৈছে ৷ কেৰালাৰ সবৰীমালাত সমবেত হোৱা হাজাৰ হাজাৰ আয়াপ্পা ভক্তই শনিবাৰে সন্ধিয়া মকৰজ্যোতি উপলক্ষে উলিওৱা বৃহৎ ধৰ্মীয় সমদলৰ সাক্ষী হয় (Ayyappa Devotees Witness Makarajyothi )৷ সন্ধিয়া পাণ্ডলম প্ৰাসাদৰ পৰা থিৰুৱভাৰানাম নামৰ বিশেষ ৰত্নটো এক ধৰ্মীয় শোভাযাত্ৰাৰে সাৰামকুথিত লৈ যোৱা হয় ৷ এই ধৰ্মীয় শোভাযাত্ৰাত দেৱশ্বোম ব’ৰ্ডৰ প্ৰতিনিধিসকলেও যোগদান কৰে ৷ এই সমদলৰ জৰিয়তে থিৰুৱভাৰানামৰ নামৰ এই বিশেষ ৰত্নটো মন্দিৰৰ তান্ত্ৰিক আৰু মন্দিৰৰ মুখ্য পুৰোহিতক হস্তান্তৰ কৰা হৈছিল ৷ তাৰ পিছত এই মূল্যবান ৰত্নটো আয়াপ্পাৰ প্ৰতিমূৰ্তিত পৰিধান কৰোৱাৰ লগতে মূৰ্তিটোৰ আৰাধনা কৰে ৷ এই শোভাযাত্ৰাৰ অংশ অনুসৰি সকলোৱে পৰম্পৰাগত ক’লা সাজ পৰিধান কৰি (Draped in the customary black dress) ইৰুমুদি কেট্টুৰ মূৰ্তি মূৰত লৈ পদযাত্ৰা কৰে ৷