thumbnail

Ayushman scheme:মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আয়ুষ্মান ভৱ দিৱস

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 8:19 PM IST

মাণিকপুৰ, ২৩ ছেপ্টেম্বৰ:ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আয়ুষ্মান ভৱ দিৱস পালন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি আয়ুষ্মান মেলাও অনুষ্ঠিত হয় ।এই মেলাত জিলাখনৰ চিকিৎসালয় সমূহৰ লগত জড়িত সকলো আশাকৰ্মী  উপস্থিত থাকে । আয়ুষ্মান আঁচনিৰ লগত সংগতি ৰাখি এখন সজাগতা সভাৰ আয়োজন কৰা হয় ।  

উল্লেখ্য যে সমাজৰ শেষৰজন হিতাধিকাৰীয়েও যাতে আয়ুষ্মান ভৱ আঁচনিৰ জৰিয়তে উপকৃত হয় তাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ লগতে মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় মানিকপুৰৰ চিকিৎসা কৰ্মী, বিষয়ববীয়া আৰু চিকিৎসালয়খনৰ অন্তৰ্গত আশা কৰ্মী সকলকলৈ এই সজাগতা সভাৰ আয়োজন কৰা হয় । সজাগতা সভাখনত সঞ্চালনা কৰে বঙাইগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক পৰেশ কলিতাই । বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠকে আশাকৰ্মী সকল স্বাস্থ্য বিভাগৰ মূল চালিকা শক্তি বুলি উল্লেখ কৰে ।  

উল্লেখ্য় যে এই অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও জিলা আয়ুক্ত নৱদ্বীপ পাঠক, বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক পৰেশ কলিতা, উপ আয়ুক্ত (স্বাস্থ্য বিভাগ) বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া, মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, মাণিকপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া, মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত সঞ্চালক আদি । বঙাইগাঁও লাৱাৰ আসাম চিকিৎসালয়ৰ সঞ্চালক আই বৰদলৈয়ে আগবঢ়োৱা চিকিৎসালয়ৰ যোগেদি সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বাবে অসম চৰকাৰে মান্যতাৰ ভিত্তিত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । 

লগতে পঢ়ক:Ayushman scheme:আয়ুষ্মান আঁচনি সন্দৰ্ভত সকলোখিনি তথ্য আছেনে আপোনাৰ ওচৰত ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.