thumbnail

By

Published : May 21, 2023, 2:59 PM IST

ETV Bharat / Videos

outstation candidates appointment controversy:বহিঃ ৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিৰ বিৰোধিতা অসমীয়া যুৱ মঞ্চৰ

আমগুৰি, ২১ মে':অসমত বহিঃ ৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিৰ তীব্ৰ বিৰোধিতা কৰি দেওবাৰে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে আমগুৰিত এক সংবাদমেল সম্বোধন কৰে (Asomiya Yuv Mancha opposed outstation candidates) । শেহতীয়াভাৱে ৰাজ্য চৰকাৰে শিক্ষা বিভাগত  ৫,৩২০ গৰাকী প্ৰাৰ্থী নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্যৰ বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি দিবলৈ যো-জা চলাই থকাৰ সময়তে সংগঠনটোৱে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰিছে (Opposition to appointment of outstation candidates)।

অসমীয়া যুৱ মঞ্চৰ আমগুৰি আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে কয় যে যি সময়ত অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি আহিছে আৰু খিলঞ্জীয়া লোকে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ দাবী কৰি আছে সেই সময়তো ৰাজ্যৰ বাহিৰৰ প্ৰাৰ্থীক শিক্ষক হিচাপে নিযুক্তি দিব ওলোৱাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় (Asomiya Yuv Mancha press meet in Amguri)। ৰাজ্য চৰকাৰে অসমৰ এক লাখ শিক্ষিত যুৱক-যুৱতীক চাকৰিত যোগদানৰ কাৰণে প্ৰস্তুতিৰ সময়তে বহি:ৰাজ্যৰ লোকক কোনো কাৰণতে নিযুক্তি দিব নোৱাৰিব বুলি প্ৰকাশ কৰে ।  

তেওঁ পুনৰ কয় যে বহি:ৰাজ্যৰ লোক যোগদান কৰিবলৈ আহিলে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু যিকোনো আইন-শৃংখলা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে বুলিও সকীয়াই দিয়ে মঞ্চটোৱে । সংগঠনটোৱে অসমৰ টে'ট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ২০১৯ চনৰ টে'ট পৰীক্ষাত উৰ্ত্তীণ যুৱক-যুৱতীসকলক অগ্ৰাধিকাৰ দিবলৈও অসম চৰকাৰৰ শিক্ষা বিভাগক আহ্বান জনায় । এই সংবাদমেলত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সচিব আকাশ শইকীয়া আৰু আমগুৰি আঞ্চলিকৰ সচিব প্ৰধান অংকুৰ গগৈ উপস্থিত থাকে ।

লগতে পঢ়ক:Assam journalist died in Singapore : ছিংগাপুৰত কৰ্মৰত অসমীয়া যুৱ সাংবাদিকৰ আকস্মিক মৃত্যু

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.