বাল্যবিবাহ আৰু সামাজিক কু সংস্কাৰ ৰোধৰ বাবে বঙাইগাঁৱত সজাগতা সভা - সামাজিক কু সংস্কাৰ ৰোধ কৰাৰ বাবে সজাগতা সভা
🎬 Watch Now: Feature Video
বঙাইগাঁৱৰ বালাৰচৰ বাণিজ্য বজাৰত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আয়োজন কৰা হয় এখন বিশাল সজাগতা সভা (Awareness programme organised by Bongaigaon police) । বৃহস্পতিবাৰে শিশুৰ অধিকাৰ, শিশু সুৰক্ষা, বাল্যবিবাহ আৰু সামাজিক কু সংস্কাৰ ৰোধ কৰাৰ বাবে অনুষ্ঠিত সভাখনত স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ, আৰক্ষী অধীক্ষক স্বপ্নানীল ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনাৱাল, মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস উপস্থিত থাকি সামাজিক ব্যাধিৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰি ৰাইজক সজাগ কৰে । ছেকান্দাৰ প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতামূলক সভাখনত আৰক্ষীৰ বহুকেইগৰাকী শীৰ্ষ বিষয়াৰ লগতে সহস্ৰাধিক ছাত্ৰ ছাত্ৰী, অভিভাৱক উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:27 PM IST