PM Vishwakarma Yojana 2023: টিংখাঙত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাক লৈ বিশাল সজাগতা সভা

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 9:16 PM IST

thumbnail

ডিব্ৰুগড়, 12 নৱেম্বৰ : দীপাৱলীৰ মাজতে টিংখাঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাক লৈ অনুষ্ঠিত হ'ল এক বিশাল সজাগতা সভা ৷ কাঠমিস্ত্ৰী, ৰাজ মিস্ত্ৰী, কমাৰ, কুমাৰ, মুচি, নাপিত, মালা নিৰ্মাতা, ধোবা, নাও নিৰ্মাতা, মাছ ধৰা জাল নিৰ্মাতা, অস্ত্ৰ-শস্ত্ৰ নিৰ্মাতা, দৰ্জীকে আদি কৰি প্ৰায় 18 টা বিভাগত কৰ্মৰত লোকসকলক আৰ্থিক সকাহ প্ৰদান কৰি আগবঢ়াই নিবৰ বাবে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ ওপৰত সমষ্টি ভিত্তিত আয়োজন কৰা হয় এই বিশাল সজাগতা সভা ৷

মন্ত্ৰী বিমল বড়াৰ বাসগৃহৰ সমীপতেই 133 নং ধোঁৱাপথাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা এই সজাগতা সভাত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ জৰিয়তে এই সকলো লোকক এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে প্ৰদান কৰিব এই আৰ্থিক সাহায্য ৷

উদ্যোগমন্ত্ৰী বিমল বড়াৰ লগতে এই সজাগতা সভাত জিলা উদ্যোগ বিষয়া মৰগেন মেষ্টন, টিংখাং ৰাজহ চক্ৰ বিষয়া ড৹ উপাসনা দুৱৰা আদি উপস্থিত থাকে ৷ সভাত মন্ত্ৰী বড়াই আঁচনিখনৰ সন্দৰ্ভত বিতংকৈ বুজাই দিয়াৰ লগতে প্ৰকৃত যোগ্যজনকহে এই আঁচনিৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : Diwali in Tinsukia: দীপাৱলী আহিলেই হাঁহি বিৰিঙে তিনিচুকীয়াৰ কুমাৰপট্টীৰ লোকসকলৰ মুখত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.