National Eye Donation Fortnight:নেত্ৰদানেৰে নেত্ৰহীন লোকক সহায় কৰিবলৈ সজাগতা সভা

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 8:03 PM IST

thumbnail

বৰপেটা ৮ ছেপ্টেম্বৰ: নেত্ৰদান মহৎ দান । কাৰোবাৰ চকুযুৰিয়ে কাৰোবাক পৃথিৱীৰ পোহৰ দেখুৱাব পাৰে । সেয়েহে আজি কালি বহু সচেতন আৰু মানুহৰ হিত চিন্তা কৰা ব্যক্তিয়ে মৃত্যুৰ পিছত নিজৰ চকুযুৰি আনৰ বাবে দান কৰে । তাৰ বাবে আজি কালি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগতে সজাগতা সভা অনুস্থিত কৰি চকু দানৰ বাবে মানুহক সজাগ কৰি আহিছে । সেই উদ্দেশ্যে বৰপেটাৰ ৰাইজিং ক্লাৱত ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ আৰু দৃষ্টিক্ষীনতাৰ উদ্যোগত শুক্ৰবাৰে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় নেত্ৰদান পষেক উপলক্ষে সজাগতা সভা অনুষ্ঠিত হয় ।

ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ আৰু দৃষ্টিক্ষীনতা সম্পৰ্কে আঁচনি, বৰপেটা আৰু ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ চকু বিভাগৰ উদ্যোগত বৰপেটাৰ ৰাইজিং ক্লাৱত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় নেত্ৰদান পষেক উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয় । এই সভাত ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ চকু বিভাগৰ চিকিৎসকসকলৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশেষ ব্যক্তিসকল উপস্থিত থাকে  ৷  

উক্ত সভাখন নেত্ৰদান সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ৷ নেত্ৰদানৰ ফলত এজন মানুহে মৃত্যুৰ পিছতো এজন নেত্ৰহীন লোকক সহায় কৰিব পাৰে বুলি সভাত বক্তাসকলে উল্লেখ কৰে ৷

লগতে পঢ়ক:Neglected Bhupen Hazarika Memorial Open Stage : সুধাকণ্ঠক এলাগী; ধান মেলা চোতাললৈ পৰিণত হ’ল ভূপেন হাজৰিকা সোঁৱৰণী মুকলি মঞ্চ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.