State Bamboo Mission :ধেমাজিত ষ্টেট বেম্বো মিছনৰ সজাগতা সভা - ধেমাজিত ষ্টেট বেম্বো মিছনৰ সজাগতা সভা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-08-2023/640-480-19215312-thumbnail-16x9-dd-aspera.jpg)
ধেমাজি, ৮ আগষ্ট :বাঁহৰ গছক প্ৰযুক্তিৰ প্ৰয়োগেৰে ইয়াৰ পৰা ন ন নিত্য ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰিব পাৰি ৷ বৰ্তমান বাহঁৰ প্ৰস্তুত কৰা সামগ্ৰী বিদেশতো সমাদৃত হৈছে ৷ সেয়ে বাঁহৰ পৰা সম্ভাৱনাময় উদ্যোগ গঢ় লোৱাৰ সম্পৰ্কত মঙলবাৰে ধেমাজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আৰু ষ্টেট বেম্বো মিছনৰ সহযোগত ধেমাজি নগৰৰ সমীপৰ ভৰালীচুকত স্বাৱাগত হোটেলৰ সভাকক্ষত এখন এদিনীযা জিলা পৰ্যায়ৰ সজাগতা সভা অনুষ্ঠিত হয় ৷
উক্ত সভাত জিলাখনৰ এশৰো অধিক শিক্ষিত নিবনুৱা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰে ৷ সজাগতা সভাত অতিথি হিচাপে উপস্থিত থাকে ষ্টেট বেম্বো মিছনৰ সঞ্চালক মধুস্মৃতা খাউণ্ড,সমল ব্যক্তি হিচাপে মিছনৰ মুখ্য বিষয়া অমিতাভ শীল আৰু ৰিতেশ কুমাৰ ডেভিদে ৷ ইপিনে, মিছনৰ সঞ্চালক মধুস্মৃতা খাউণ্ড কয় যে অসমত ইতিমধ্যে ১৫০০ বিঘা মাটিত বাঁহ ৰোপন কৰা হৈছে ।
তেওঁ পুনৰ কয় যে এইবছৰ আৰু ১২০০ বিঘা মাটিত বাঁহ গছ ৰোপণ কৰিব ৷ তদুপৰি অসমৰ গ্ৰামাঞ্চলত ঘৰে ঘৰে বাঁহ উপলব্ধ । সেয়ে সময়ৰ লগত খোঁজ মিলাই এই মিছনে কাৰিকৰী কৌশল প্ৰয়োগ কৰি উৎকৃষ্ট মানদণ্ডৰ নানা সামগ্ৰীৰ লগতে কাপোৰ পৰ্যন্ত প্ৰস্তুত কৰি বিদেশলৈ উলিয়াই দিব পাৰিব ৷ ফলত অসমৰ বৃহৎ সংখ্যক শিক্ষিত যুৱক যুৱতী এই উদ্যোগৰ সৈতে জড়িত হৈ আত্মনিৰ্ভৰশীল হব পাৰিব বুলি আশা প্ৰকাশ কৰে বিষয়াগৰাকীয়ে ৷
TAGGED:
State Bamboo Mission