Small Tea Growers Association:ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গুৰুত্বপূৰ্ণ সজাগতা সভা
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ২১ আগষ্ট : ক্ষুদ্ৰ চাহ খেতিয়কসকলে ন্যায্য প্ৰাপ্তিৰ দাবীৰে সোমবাৰে তিনিচুকীয়া জিলাৰ ফিল’বাৰীত আয়োজন কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এখন গুৰুত্বপূৰ্ণ সভা ৷ বিগত দিনসমূহত ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত মূল্য লাভ নকৰাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ ৷
এই সন্দৰ্ভত জানিব পৰা মতে, বিগত দিন সমূহত জিলা উপায়ুক্তৰ সৈতে মিলিত হোৱা আলোচনাত বটলিফ্ ফেক্টৰীত ক্ষুদ্ৰ চাহ খেতিয়কসকলক অতি কমেও প্ৰতি কেজিত ২২ টকা মূল্য দিব লাগিব বুলি কথা হৈছিল, কিন্তু পুনৰ নিজৰ ইচ্ছা অনুসৰি মূল্য ১২ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে । গতিকে পুনৰ নৱনিযুক্ত জিলা আয়ুক্ত স্বপ্নীল পালৰ সৈতে এক আলোচনাৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়কসকলক উচিত মূল্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হয় যদিও এই পৰ্যন্ত কাৰ্যকৰী হোৱা নাই এই নিৰ্দেশনা ৷
লগতে পঢ়ক : Man-Elephant Love Story: নাচিব জনা, লোকগীত বুজি পোৱা এটা পাঁচবছৰীয়া হাতী পোৱালী