কলিয়াবৰত পৰিৱেশৰ বাবে জীৱনশৈলী শীৰ্ষক সজাগতা সভা-বাটৰ নাট - street play
🎬 Watch Now: Feature Video
Published : Dec 5, 2023, 10:45 PM IST
কলিয়াবৰ, 5 ডিচেম্বৰ : অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আৰু অসম বিজ্ঞান সমিতিৰ যৌথ প্ৰচেষ্টাত আধাৰত কলিয়াবৰ শাখা বিজ্ঞান সমিতিয়ে মঙলবাৰে 'পৰিৱেশৰ বাবে জীৱনশৈলী' শীৰ্ষক সজাগতা সভা আৰু বাটৰ নাট অনুষ্ঠান অনুষ্ঠিত কৰে । লগতে এই অনুষ্ঠানত বক্তৃতা আৰু জীৱনশৈলী পৰিৱেশ অনুকুল কৰিবলৈ সজাগতামূলক শ্লোগানো প্ৰদৰ্শিন কৰা হয় ।
কলিয়াবৰৰ মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আয়োজন কৰা এই মনোজ্ঞ অনুষ্ঠানত মিছা উচ্চ মাধ্যমিক বিদ্যালয় আৰু হলী ফেইথ স্কুলৰ শিক্ষাৰ্থী-শিক্ষকৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি অতিথি হিচাপে অংশ লৈ সহজ জীৱন বিচৰাৰ নামত প্ৰকৃতি ধ্বংস নকৰিবলৈ শিক্ষাৰ্থীসকলৰ প্ৰতি আহ্বান জনাই। এই অনুষ্ঠানে অনাগত সময়ত সকলো শিক্ষাৰ্থীক সজাগ কৰিব বুলি আশা প্ৰকাশ কৰে ৷
লগতে পঢ়ক: কলগাছিয়াত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ