আলগাপুৰৰ ড্ৰাগছ বিক্ৰেতালৈ নাগৰিকৰ সতৰ্কবাণী - আলগাপুৰ আৰক্ষী বিষয়া
🎬 Watch Now: Feature Video


Published : Dec 2, 2023, 8:54 AM IST
কৰিমগঞ্জ, 2 ডিচেম্বৰ: কৰিমগঞ্জ জিলাৰ আলগাপুৰ বজাৰত বৃদ্ধি পাইছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আলগাপুৰত সুৰা আৰু ড্ৰাগছৰ ব্যৱসায় বৃদ্ধি পোৱা ঘটনাই সচেতন ৰাইজক সমস্যাত পেলাইছে । সুৰা আৰু ড্ৰাগছৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবেই আলগাপুৰত চুৰি আৰু ডকাইতি দৰে অপৰাধো বৃদ্ধি হৈ অহা পৰিলক্ষিত হোৱা বুলি স্থানীয় লোকে জনায় ৷
শুকুৰবাৰে সন্ধিয়া আলগাপুৰ বজাৰত সুৰা আৰু ড্ৰাগছৰ বিৰুদ্ধে এখন নাগৰিক সভা অনুষ্ঠিত হয় । বিভিন্ন ৰাজনৈতিক দল আৰু সামাজিক সংগঠন, ভিডিপি আৰু আলগাপুৰ আৰক্ষী বিষয়াই সভাত অংশগ্ৰহণ কৰি আলগাপুৰৰ পৰা মদ আৰু ড্ৰাগছ দমনৰ বাবে সকলোকে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । আলগাপুৰ বজাৰত কেবাখনো ঔষধৰ দোকান আৰু সুৰাৰ দোকানে অবৈধভাৱে মাদক দ্ৰব্য বিক্ৰী কৰি আহিছে বুলিও স্থানীয় লোকে গুৰুতৰ অভিযোগ তোলে ।
শুকুৰবাৰে অনুষ্ঠিত হোৱা নাগৰিক সভাৰ জৰিয়তে অবৈধ ব্যৱসায় যদিহে বন্ধ নকৰে তেন্তে আৰক্ষীৰ দল তথা সচেতন সমাজে দোকানসমূহ ধ্বংস কৰি দিব বুলি ড্ৰাগছ বিক্ৰেতাসকললৈ কঠোৰ সতৰ্কবাণী জাৰি কৰে । এই সভাত জিলা পৰিষদৰ সদস্যও উপস্থিত থাকে ৷
লগতে পঢ়ক: কোনে ড্ৰাগছ ৰাখিছিল আনছেৰৰ বাসগৃহত ?