Award to Poet Rabindra Sarkar : মুম্বাইৰ ৰমানাথ ভট্টাচাৰ্য ফাউণ্ডেচনৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠান - ৰমানাথ ভট্টাচাৰ্য ফাউণ্ডেচনৰ উদ্যোগত বঁটা প্ৰদান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18092090-thumbnail-16x9-vfgbg.jpg)
গুৱাহাটী, 26 মাৰ্চ : অসমীয়া কাব্য সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কবি ৰবীন্দ্ৰ সৰকাৰলৈ আগবঢ়োৱা হৈছে 'পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ'। মুম্বাইৰ ৰমানাথ ভট্টাচাৰ্য ফাউণ্ডেচনে ৰবীন্দ্ৰ সৰকাৰলৈ আগবঢ়াইছে এই সন্মান । ইয়াৰ লগতে বাংলা ভাষাৰ কবি মৃদুল দাসগুপ্তলৈ ফাউণ্ডেচনে আগবঢ়াইছে 'ৰামনাথ বিশ্বাস স্মৃতি সাহিত্য পুৰস্কাৰ' (Award to Poet Rabindra Sarkar)।
২০১০ চনৰ পৰা ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেচনে প্ৰতিবছৰে একোগৰাকীকৈ অসমীয়া আৰু বাংলা ভাষাৰ কবিক ক্ৰমে বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ আৰু ৰামনাথ বিশ্বাস স্মৃতি সাহিত্য পুৰস্কাৰ প্ৰদান কৰি আহিছে । সেই ধাৰা অব্যাহত ৰাখি এইবাৰো আগবঢ়োৱা হৈছে এই বঁটা । দেওবাৰে গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠানটো (Ramanath Bhattacharya Foundation award ) ।
এই বঁটাত আছে এটা স্মাৰক, মানপত্ৰ, অংগবস্ত্ৰৰ লগতে ৭৫ হাজাৰকৈ টকা । বঁটা প্ৰদান অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে কবি শংখশুভ্ৰ দেৱ বৰ্মন । উল্লেখ্য যে কবি ৰবীন্দ্ৰ সৰকাৰৰ শাৰীৰিক অসুস্থতাৰ কাৰণে অনুষ্ঠানত উপস্থিত থাকিব পৰা নাই । ইতিমধ্যে কবিৰ কলকাতাৰ বাসভৱনত কবিৰ হাতত ফাউণ্ডেচনে আগবঢ়াইছে আগবঢ়াইছে বঁটা ।
লগতে পঢ়ক : Rahul Gandhi disqualification issue: বৰ্তমানৰ ন্যায়পালিকা ব্যৱস্থাও কিছু সন্দেহৰ আৱৰ্তত : ড৹ হীৰেন গোহাঁই