বিৰোধীৰ একতা সম্ভৱ নহয়, ৰাইজ আমাৰ লগত আছে- অতুল বৰা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 10:48 AM IST

Updated : Dec 28, 2023, 12:13 PM IST

তিনিচুকীয়া, ২৮ ডিচেম্বৰ: “বিৰোধী মঞ্চ মূলত কংগ্ৰেছৰ সৃষ্ট ৷ কংগ্ৰেছৰ নিজৰ মাজতেই একতা নাই, গতিকে বিৰোধীক কেনেকৈ এক কৰিব ! বিৰোধীৰ একতা সম্ভৱ নহয় ৷ ৰাইজ আমাৰ লগত আছে ৷ বিগত সময়ত দীৰ্ঘদিনৰ কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত এনে উন্নয়নৰ কোনো পৰিকল্পনাই কৰিব পৰা নাছিল, কিন্তু এতিয়া সকলো সাকাৰ ৰূপত হৈ উঠিছে ৷” বিৰোধী ঐক্য মঞ্চক কটাক্ষ কৰি এই মন্তব্য কৰে অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই ৷ 

বুধবাৰে তিনিচুকীয়া জিলা অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী বৰাই ৷ আগন্তুক লোকসভাৰ নিৰ্বাচনত অসম গণ পৰিষদে ভাৰতীয় জনতা পাৰ্টিৰ পৰা কেইখন আসন বিচাৰিব বুলি সোধাত বৰাই কয় যে, আগন্তুক নিৰ্বাচনত অগপ দলে মিত্ৰতা ধৰ্ম পালন কৰি এন ডি এ ৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৷ নতুন বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব লগীয়া মিত্ৰদলৰ বৈঠকত আসন ভাগ বতৰা সন্দৰ্ভত সকলো কথা স্পষ্ট হ'ব, এই পৰ্যন্ত আসনৰ সন্দৰ্ভত কোনো কথা হোৱা নাই ৷ ভাৰতীয় জনতা পাৰ্টি যিহেতু আমাৰ Big Brother, গতিকে আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰাই বিচাৰিব লাগিব ৷ বৰ্তমান আমাৰ সাংগঠনিক কাম-কাজ অব্যাহত ৰখা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী বৰাই ৷

লগতে পঢ়ক: ডিমা হাছাওৰ ১৬ জনকৈ নেতাক দলৰ পৰা বহিষ্কাৰ বিজেপিৰ

Last Updated : Dec 28, 2023, 12:13 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.