thumbnail

ATTSA Protest in Sivasagar : কেইবাটাও সমস্যা সমাধানৰ দাবীৰে শিৱসাগৰত আটছাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 6:59 PM IST

শিৱসাগৰ, 29 আগষ্ট : শিৱসাগৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আটছা জিলা সমিতিৰ উদ্যোগত দুইঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰা হয় ৷ মঙলবাৰে আটছা জিলা সমিতিৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যলয়ৰ সন্মুখত দুইঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ অসমৰ আদিবাসীসকলক জনজাতিকৰণ কৰা,  চাহ শ্ৰমিকৰ দৈনিক মজুৰি 500 টকালৈ বৃদ্ধি কৰা, অসমৰ আদিবাসী চাহ শ্ৰমিক সকলৰ ভূমি পট্টা প্ৰদান কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে আটছা কৰ্মীয়ে ৷

আদিবাসী সকলৰ জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ আদিবাসী জাতীয় মঞ্চক কৰ্তৃত্ব প্ৰদান কৰা ইত্যাদি বিষয়ক লৈ প্ৰতিবাদ কৰে আটাছা কৰ্মীসকলে ৷ ইফালে উক্ত দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷ নহলে নিৰ্বাচনৰ সময়ত বাগিচাসমূহত ৰাজনৈতিক নেতা প্ৰৱেশ কৰিব নোৱাৰিব বুলি সকীয়নি সংগঠনটোৰ ৷ 

লগতে পঢ়ক:Conflict in Amguri over digging of drains: বেদখলৰ কবলত ঐতিহাসিক ৰূপহীজান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.