Attempt to rape in Majuli: বহিঃৰাজ্যৰ যুৱতীক ধৰ্ষণৰ চেষ্টা চলোৱা অভিযুক্তক গ্ৰেপ্তাৰ

🎬 Watch Now: Feature Video

thumbnail

মাজুলী, 13 এপ্ৰিল: মাজুলীৰ আৰক্ষীৰ জালত মাজুলী বহিঃৰাজ্যৰ যুৱতীক ধৰ্ষণৰ চেষ্টা চলোৱা অভিযুক্ত আকাশ দাস ওৰফে দিল দাস ( Rape Attempt accused arrested) ৷ ৰঙালীৰ আনন্দৰ মাজতে মাজুলীৰ অফলামুখ পাৰঘাটৰ সমীপত বৃহস্পতিবাৰে পুৱা হাইদৰাবাদৰ এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা চলোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল (Attempt to rape in Majuli)৷ 

অফলামুখ ফেৰী ঘাটৰ সমীপৰ এডৰা হাবিত ধৃত অভিযুক্তটোৱে যুৱতীগৰাকীৰ কাপোৰ ফালি দিয়াৰ লগতে দেহত আক্ৰমণ কৰি তেজেৰে ৰাঙলী কৰি তুলিছিল যুৱতীগৰাকীক ৷ হাবিৰ পৰা যুৱতীগৰাকীৰ চিঞৰ শুনি কেইজনমান যুৱকে যুৱতীগৰাকীক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে ৷ ইয়াৰ পিচতে আৰক্ষীৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাৰাথন অভিযানৰ ফলত আকাশ নামৰ লম্পটটোক আটক কৰিবলৈ সক্ষম হয় ৷  

লগতে পঢ়ক: Attempt to Rape: মাজুলীৰ অফলামুখ ফেৰীঘাটৰ সমীপত বহিঃৰাজ্যৰ যুৱতীক ধৰ্ষণৰ চেষ্টা

উল্লেখ্যে যে, ধৃত অভিযুক্তটোৱে কিছুদিনৰ পূৰ্বে ধৰ্ষণকাণ্ড চলোৱা চেষ্টা কৰাৰ বাবে আৰক্ষীৰ জিম্মাত আছিল । অভিযুক্তটো আৰক্ষীৰ জিম্মাৰ পৰা ঘৰলৈ অহা পিচতে পুনৰ আজি সংঘটিত কৰে এই ঘটনা ৷ সম্প্ৰতি অভিযুক্তটোক মাজুলী আৰক্ষীৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইফালে অভিযুক্তটোৱে কোৱা অনুসৰি সি যুৱতীগৰাকীৰ আইফোনটোহে কাঢ়িব বিচাৰিছিল ৷  

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.