thumbnail

ATASU protest in Sivasagar : আহোম জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদানৰ দাবীত অৰ্ধ উলংগ হৈ শিৱসাগৰত আটাছুৰ প্ৰতিবাদ

By

Published : Aug 8, 2023, 3:30 PM IST

শিৱসাগৰ, 8 আগষ্ট : প্ৰতিবাদত উত্তাল হ’ল শিৱসাগৰৰ ৰাজপথ ৷ টাই আহোম জনগোষ্ঠীক জনজাতীয় মৰ্যদা প্ৰদানৰ দাবীত পুনৰবাৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে টাই আহোম জনগোষ্ঠীয় সংগঠন টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু(স্বতন্ত্ৰ)ই ৷ বিগত বহু বছৰ ধৰি আহোম জনগোষ্ঠীক জনজাতীয় মৰ্যদা প্ৰদানৰ দাবী উত্থাপন কৰি অহা হৈছে যদিও প্ৰতি নিৰ্বাচনৰ আগত চৰকাৰে আভুৱা ভাৰি আহিছে । এই অভিযোগ তৰিছে আটাছুৱে ৷ 

সেয়ে খৰ্গহস্ত হৈ আটাছুৱে ঐতিহাসিক শিৱ দ’ল প্ৰাংগনৰ পৰা শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ অৰ্ধ উলংগ হৈ শোভাযাত্ৰা কৰি কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আটাছুৰ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা ৱাক থু, ন এছটি ন’ ৰেষ্ট আদি শ্ল’গান দি উত্তাল কৰি তোলে শিৱসাগৰৰ ৰাজপথ ।

অনাগত দিনত যদি ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে টাই আহোমৰ জনজাতিকৰণৰ দাবীক গুৰুত্ব প্ৰদান নকৰে, তেন্তে অনিৰ্দিষ্ট সময়ৰ বাবে অসম বন্ধৰ লগতে আত্মজাহৰ দৰে চূড়ান্ত কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে আটাছুৰ প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : CM vigilance arrested Lat Mondol: অধিক ধনলৈ মুখ মেলি ফাটিল কোৱাৰি; গ্ৰেপ্তাৰ লুভীয়া লাট মণ্ডল নৌছাদ আলী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.