Assault on Panchayat Secretary: মাজুলীত হিতাধীকাৰীয়ে কামুৰি হাত চিঙিলে পঞ্চায়ত সচিবৰ

By

Published : Feb 22, 2023, 10:56 AM IST

thumbnail

মাজুলী,২২ ফ্ৰেব্ৰুৱাৰী: মাজুলীৰ দক্ষিণপাট গাঁও পঞ্চায়তত মঙলবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা(Shocking incident in Majuli) । PMAY ৰ ঘৰৰ ধন আবন্টনক লৈ সংঘটিত হয় এক নিকৃষ্ট কাণ্ড । কামুৰি চিঙিলে পঞ্চায়ত সচিবৰ হাতৰ মঙহ । প্ৰধানমন্ত্ৰী আবাস যোজনাৰ(Pradhan Mantri Awas Yojana) ঘৰৰ আবন্টনক লৈ হোৱা খেলি মেলিৰ অভিযোগেৰে পঞ্চায়ত সচিব হৰি কুমাৰ দলেক আক্ৰমণ একাংশ লোকৰ । 

আঁচনিৰ আৱন্তিত গৃহৰ নামত হিতাধিকাৰীৰ একাউন্টত ধন নোসোমোৱাৰ বাবেই সৃষ্টি হয় এই উত্তপ্ত পৰিৱেশৰ । উপৰ চুমৈমাৰি গাঁৱৰ তিনিগৰাকী লোকে আক্ৰমণৰ লক্ষ্য কৰি লয় পঞ্চায়ত সচিব হৰি কুমাৰ দলেক(PMAY beneficiaries attack panchayat secretary in Majuli) । আক্ৰমণকাৰী কেইটা ক্ৰমে জিতেন চাৰহ, জীৱন নাথ চাৰহ, দ্বীপেন কুটুম বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত বনগাঁও আৰক্ষী চকীত পঞ্চায়ত সচিব হৰি কুমাৰ দলে ৰুজু কৰে এটা গোচৰ । এই গোচৰৰ সন্দৰ্ভত ইতিমধ্যে বনগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিওটা আক্ৰমণকাৰীক । পৰৱৰ্তী সময়ত পঞ্চায়ত সচিবক আক্ৰমণ কৰাৰ অপৰাধত আক্ৰমণকাৰী কেইটাক মাজুলী থানালৈ লৈ যোৱা হয় । 

ইফালে পঞ্চায়ত সচিব হৰি কুমাৰ দলেৰ হাত আৰু কাণত বেয়াকৈ আঘাটপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে । আক্ৰমণৰ সময়ত সচিবগৰাকীক কামুৰি হাতৰ মঙহ পৰ্যন্ত চিঙি পেলাই আক্ৰমণকাৰী কেইটাই । ইয়াৰ পাছতে আৰক্ষীক দিয়া এজাহাৰত দক্ষিণপাট গাঁও পঞ্চায়তৰ সচিবগৰাকীয়ে তেওঁৰ নিজৰ কোঠাতে আক্ৰমণকাৰী প্ৰাণে মৰাৰ চেষ্টা কৰা বুলি উল্লেখ কৰে । ইফালে ঘটনাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় মাজুলী খণ্ড উন্নয়ন বিষয়া ৰাজ জ্যোতি বৰা । লগতে ঘটনাৰ উচিত তদন্ত কৰা হ'ব বুলি উল্লেখ কৰে মাজুলী খণ্ড উন্নয়ন বিষয়া ৰাজ জ্যোতি বৰাই ।

আক্ৰমণকাৰী কেইটাই কামুৰি হাতৰ মঙহ চিঙাৰ কথা সচিবগৰাকীয়ে কেমেৰা সন্মুখত উল্লেখ কৰে । এই ঘটনাৰ পাছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ।  

লগতে পঢ়ক: Brutal murder in Jorhat: বেগত ছিন্ন মুণ্ড কঢ়িয়াই অনা অৱস্থাত আটক কৰিলে যোৰহাট আৰক্ষীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.