Assamese Youth hostage in Tamil Nadu : দাবী কৰা ধন লাভৰ পাছতে বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক - Assam youth missing in Tamilnadu
🎬 Watch Now: Feature Video
অসমৰ ভিন্ন প্ৰান্তৰ পৰা যোৱা ৮ জন যুৱকক পণবন্দী তামিলনাডুত (Assamese hostage in Tamilnadu)। বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে যোৱা চৰাইদেউ জিলাৰ সাপেখাতী ৰাংঢালী গাঁৱৰ কেশৱ হোলাল(২৫)ক পণবন্দী কৰাৰ লগতে ধনদাবী পৰিয়ালক । ফোন যোগে সমগ্ৰ ঘটনা পৰিয়ালক অৱগত কৰাত অনলাইন যোগে ধন প্ৰেৰণ কৰে পৰিয়ালৰ লোকে । দাবী কৰা ধন প্ৰদানৰ পাছতে কেশৱৰ ফোন অফ হোৱাৰ বাবে বৰ্তমানেও যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে (Assam youth missing in Tamil Nadu)। সাপেখাতী ৰাংঢালী গাঁৱৰ কেশৱ হোলালে নিজৰ ফোনৰ পৰাই মাতৃৰ লগতে পৰিয়ালৰ লোকক ফোন যোগে ধন বিচাৰিছিল । ধন দিব নোৱাৰিলে কোনোবাই তেওঁক মাৰি পেলাব বুলিও জনাইছিল । ইয়াৰ পাছতেই কেশৱ হোলালৰ মাতৃয়ে অনলাইনৰ জড়িয়তে ১০,০০০ টকা প্ৰেৰণ কৰিছিল । ধন প্ৰেৰণ কৰাৰ পাছতে ফোন বন্ধ হৈ পৰিল কেশৱ হোলালৰ ।
Last Updated : Feb 3, 2023, 8:34 PM IST