Assam youth mysterious death:পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
🎬 Watch Now: Feature Video
যোৰহাট, 27 জুলাই : পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু । পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়াল লোকৰ । ২৩ জুলাইত যোৰহাট জিলা অন্তৰ্গত তিতাবৰ বেকাজান এশ ঘৰীয়াৰ পৰা আদিত্য দাস নামৰ যুৱকজন গাঁৱৰ পৰা তিনিজন সতীৰ্থৰ লগত কামৰ সন্ধানত ওলাই গৈছিল চেন্নাই লৈ, কিন্তু পশ্চিমবংগ দূৰ্গাপুৰৰ ৰেল ষ্টেচনৰ সমীপত অতি ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ কৰে ৰে’লৱে আৰক্ষীয়ে । মৃত আদিত্য দাসৰ লগত যোৱা গাঁৱৰ অন্য এজন যুৱক ধমেন্দ্ৰ দাসে পৰিয়ালক ফোন কৰি জনায় যে আদিত্য দাসে ৰে’লৰ পৰা পৰি মৃত্যুক আঁকোৱালি লয়, কিন্তু পৰিয়ালৰ লোকে সহজভাৱে মানি লোৱা নাই আদিত্য দাসৰ মৃত্যু ।
আদিত্য দাসৰ লগত যোৱা সতীৰ্থই পৰিকল্পিতভাৱে হত্যা কৰি উক্ত স্থানলৈ পেলাই দিয়াৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে । ইতিমধ্যে পৰিয়ালৰ লোক পশ্চিমবংগৰ দূর্গাপুৰৰ ঘটনাস্থলীত উপস্থিত হৈছে । ঘটনাক কেন্দ্ৰ কৰি তিতাবৰৰ এশ ঘৰীয়া অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । উল্লেখ্য যে, তিতাবৰৰ ৪৬ ৰ উৰ্ধ্ব এগৰাকী ব্যক্তি সন্ধানহীন হোৱা ঘটনা মাৰ নৌযাওতেই অন্য এজন যুৱকৰ ৰহস্যজনক মৃত্যুয়ে এতিয়া বিভিন্নজনৰ মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে ।
লগতে পঢ়ক : Assam worker died in Kerala : কেৰালাৰ গ্লাছ ফেক্টৰীত দুৰ্ঘটনা; অসমৰ শ্ৰমিকৰ মৃত্যু