thumbnail

Dead body recovered: মাদুৰাই ৰে’ল ষ্টেচনত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

By

Published : Apr 28, 2023, 10:46 PM IST

বঙাইগাঁও, 28 এপ্ৰিল : পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে (Dead body recovered at Madurai rail station)৷ সম্প্ৰতি বহিঃৰাজ্যত কাম কৰিবলৈ গৈ অসমৰ লোক মৃত্যু হোৱাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ এইবাৰ তামিলনাডুৰ মাদুৰাই ষ্টেচনত অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Assam youth dead body recovered) ৷ মৃতদেহটো বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং ভাণ্ডাৰাৰ ৰফিক আলীৰ পুত্ৰ ইউছব আলীৰ (২০) বুলি চিনাক্ত কৰা হৈছে  । যুৱকজনে কৰ্মসূত্ৰে প্ৰায় ১০ মাহ ধৰি তামিলনাডুৰ মাদুৰাইত আছিল (Mysterious Assam youth death in Tamilnadu)।  

লগতে পঢ়ক: Andhra suicide case: পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাচতেই অন্ধ্ৰপ্ৰদেশত ৯ গৰাকী শিক্ষাৰ্থীৰ আত্মহত্যা

এতিয়া ৰে’ল ষ্টেচনত যুৱকজনৰ কেনেকৈ মৃত্যু হ'ল সেয়া স্পষ্ট হোৱা নাই । যুৱকজনৰ মৃত্যুত পৰিয়ালটো কান্দোনত ভাগি পৰিছে । যুৱকজনে প্ৰায় এবছৰৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিলহে ৷ যুৱকজনৰ মৃত্যুৰ সঠিক তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ যুৱকজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.