Assam TMC: অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ - কংগ্ৰেছ চৰকাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 4:41 PM IST

গুৱাহাটী, 21 ছেপ্টেম্বৰ: পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ দৰে অসমৰ চাহ শ্ৰমিকসকলৰো দৈনিক মজুৰি বৃদ্ধি কৰিবলৈ দাবী জনাইছে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই ৷ এই সন্দৰ্ভত শৰ্মাই কয় যে, বিজেপিয়ে বিগত সময়ছোৱাত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে ৷

তেওঁ কয় যে, অসমত এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৩৫ টকা আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২১০ টকা ৷ তেওঁ অভিযোগ কৰি কয়,‘‘বিজেপিয়ে চাহ শ্ৰমিকসকলক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে ৷’’  

অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষগৰাকীয়ে কয় যে পশ্চিমবংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ চৰকাৰে চাহ শ্ৰমিকসকলৰ কথা চিন্তা কৰি আহিছে ৷ পশ্চিমবংগ চৰকাৰে শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিছে ৷ অসমৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনায় তেওঁ কয় যে যদি শীঘ্ৰেই অসম চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নকৰে, তেন্তে অসম তৃণমূল কংগ্ৰেছে অক্টোবৰ মাহৰ পৰা বাগিচাই বাগিচাই ঘূৰি চাহ শ্ৰমিকক লগত লৈ তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৷ 

লগতে পঢ়ক : Protest at Mariani: চাহ শ্ৰমিকক বিজেপিয়ে প্ৰৱঞ্চনা কৰাৰ অভিযোগ; বাগিচা অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.