কলগাছিয়াত অসম সাংস্কৃতিক মহাসংগগ্ৰামৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 3:19 PM IST

thumbnail

জনীয়া, ১৭ ডিচেম্বৰ: ৰূপসী উন্নয়ন খণ্ডৰ ড৹ ভূপেন হাজৰিকা সোঁৱৰণী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত সাংস্কৃতিক কৰা হয় ৪৪ নং জনীয়া বিধানসভা সমষ্টি ভিত্তিক সাংস্কৃতিক মহাসংগ্ৰাম । এই অনুষ্ঠানত জনীয়া সমষ্টিৰ ২০ খন গাঁও পঞ্চায়তৰ ১২২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ কেবাশতাধিক যুৱক-যুৱতী উপস্থিত হৈ জ্যোতি সংগীত, ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত, ভূপেন্দ্ৰ সংগীত আদি পৰিৱেশন কৰে ।  

অনুষ্ঠানটো শুভ উদ্বোধন কৰে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য এম মোজাম্মেল হুছেইনে । উক্ত অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি অনিল দাস উপস্থিত থাকি অসম চৰকাৰৰ এয়া সুদূৰ প্ৰসাৰী পদক্ষেপ বুলি মন্তব্য কৰাৰ লগতে এইয়া প্ৰথম পদক্ষেপ আৰু ইয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ছাত্ৰ-ছাত্ৰীসকলকক সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ বাবে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ।  

ইফালে এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল সাংস্কৃতিক দিশত উপকৃত হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ লাভ কৰিছে বুলি মন্তব্য আগবঢ়াই কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বীৰকামীয়াই ।  

লগতে পঢ়ক: নাহৰকটীয়াত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী, উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.