APHLC Mass Rally in Karbi Anglong: সাতগাঁৱত APHLC ৰ গণ সমাবেশত আৰক্ষীৰ লাঠি চালনা, আটক সাতজন - APHLC ৰ গণ সমাবেশ
🎬 Watch Now: Feature Video
ডিফু, ২৫ ফেব্ৰুৱাৰী : কাৰ্বি আংলং জিলাৰ অন্যতম বিৰোধী আঞ্চলিক ৰাজনৈতিক দল অল’ পাৰ্টী হিলচ লিডাৰ কনফাৰেন্স চমুকৈ এপিএইছএলচি (APHLC) দলে শনিবাৰে কাৰ্বি পৰিষদৰ পাঁচ নং ৰংখাং সমষ্টিৰ অধীনস্থ সাত গাঁৱত এখন গণ সমাবেশ অনুষ্ঠানৰ আয়োজন কৰে (APHLC Mass Rally in Karbi Anglong) ৷ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱা এই গণ সমাবেশৰ কিছু সময়ৰ পাচতেই পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসন আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷
তাৰ পাচতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ যাৰ ফলত আৰক্ষীয়ে এই গণ সমাবেশত অংশ লোৱা লোকসকলৰ ওপৰত লাঠি চাৰ্জ কৰিবলৈয়ো বাধ্য হৈ পৰে ৷ আৰক্ষীৰ সৈতে হোৱা এই হতাহতিত মহিলাসহ বহু লোক আঘাতপ্ৰাপ্ত হৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে এপিএইছএলচিৰ সভাপতিগৰাকীয়ে (Assam police make violence in APHLC Mass Rally)৷
ইফালে আৰক্ষী উক্ত গণ সমাবেশ অনুষ্ঠানলৈ অহা এপিএইছএলচিৰ কেবাজনো লোকক আটক কৰিছে বুলি মন্তব্য কৰে এপিএইছএলচিৰ সভাপতিগৰাকীয়ে ৷ আনকি আটকাধীন আটাইকে বিনাচৰ্তে মুকলি কৰি দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাই এপিএইছএলচিৰ সভাপতিগৰাকীয়ে ৷
তথ্য অনুসৰি, জিলাখনৰ বিৰোধী আঞ্চলিক ৰাজনৈতিক দলটোৱে তিনিও পাৰ্বত্য জিলা ক্ৰমে পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং আৰু ডিমা হাচাও এই তিনি জিলাক সামৰি ভাৰত সংবিধানৰ অনুচ্ছেদ ২৪৪ (ক) ধাৰাৰ অধীনত অসমৰ ভিতৰতে এখন সুকীয়া ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি আহিছিল ৷ ইয়াৰে সমান্তৰালকৈ কাৰ্বি আংলং স্বায়ত্তপৰিষদৰ সংবিধান অনুযায়ী জনগোষ্ঠীটোৱে পাব লগা প্ৰাপ্যৰ দাবীত দীৰ্ঘদিন ধৰি এক গণ সংগ্ৰাম কৰি আহিছিল ৷
সেই মৰ্মে দলটোৱে কাৰ্বি আংলং জিলাৰ প্ৰত্যকটো পৰিষদীয় সমষ্টিত দীৰ্ঘদিনীয়া সংগ্ৰামৰ জনমত গঢ়াৰ লক্ষ্যৰে সমষ্টি ভিত্তিত এক গণ সমাবেশৰ কাৰ্যসূচী হাতত লয় ৷ দলটোৰ ধাৰাবাহিক কাৰ্যসূচী অনুযায়ী প্ৰায় দুই শতাধিক দলীয় সমৰ্থক লৈ শনিবাৰে গণ সমাবেশৰ কাৰ্যসূচী চলাই নিওঁতেই প্ৰথমে আৰক্ষীৰ সৈতে তৰ্ক-বিতৰ্কৰ সূত্ৰপাত ঘটে ৷
পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে লাঠী চালনা কৰিবলৈ বাধ্য হয় ৷ লাঠি চালনাৰ মাজতেই আৰক্ষীয়ে সাতজনকৈ দলীয় সমৰ্থকক আটক কৰে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Wooden bridge in Guwahati : ছয়মাইল উৰণীয়া সেতুৰ ওপৰতে নিৰ্মাণ কাঠৰ দলং