Drugs seized in Chirang: ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত অসম আৰক্ষীৰ হোম গাৰ্ড - ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত অসম আৰক্ষীৰ হোম গাৰ্ড
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18384852-thumbnail-16x9-chirang-aspera.jpg)
চিৰাঙ,৩০ এপ্ৰিল: ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত এইবাৰ অসম আৰক্ষীৰ হোম গাৰ্ড (Assam Police Home Guard as Drug Dealer) । এক গোপন সূত্ৰৰ সন্ধান লাভ কৰি চিৰাঙৰ চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধনমনি ৰায়ৰ নেতৃত্বত চলা অভিযানত ড্ৰাগছসহ আৰক্ষীৰ কবলত পৰে দুটা ড্ৰাগছ ব্যৱসায়ী (Drugs seized in Chirang) । আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুটা জিলাখনৰ ৰুনীখাতা থানাৰ অন্তৰ্গত দাক্ষিণগাঁৱৰ গুন্সুলা ৱেৰি আনজন আশ্ৰাবাৰিৰ হৃষণ খাকলাৰী ।
গুন্সুলা ৱেৰি চিৰাং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হোম গাৰ্ডত কৰ্মৰত বুলি জানিব পৰা গৈছে (Drugs paddler arrested in Chirang) । শনিবাৰে সন্ধিয়া দুয়ো অটোৰে ড্ৰাগছ বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাত চিদলী থানাৰ অন্তৰ্গত কাশিকোত্ৰাত আৰক্ষীক দেখি পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে খেদি খেদি আটক কৰে দুয়োকে । আটকাধীন দুয়োজনৰ পৰা আঠটা কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ, এটা বেজী আৰু মোবাইলৰ লগতে কিছু ধন জব্দ কৰে আৰক্ষীয়ে ।
লগতে পঢ়ক: Laser show at Rang Ghar: গেৰুৱাকৰণ আৰু হিন্দুত্বকৰণ এই দুটা বিৰোধীৰ শব্দ: দিলীপ শইকীয়া