Assam police BMI testing:মেদবহুল আৰক্ষীৰ ওজন জোখা পৰ্ব
🎬 Watch Now: Feature Video
নলবাৰী, ১৬ আগষ্ট : অপৰাধৰ কথা চিন্তা কৰি তত নোপোৱা আৰক্ষীৰ বাঢ়িল আকৌ এটা নতুন চিন্তা ৷ পিছে অপৰাধৰ চিন্তাৰ পৰা মন আঁতৰাব পাৰিলেও এইবিধ নতুন চিন্তাৰ পৰা মন আঁতৰোৱাটো কিন্তু অসম্ভৱ ৷ যিহেতু চিন্তাটো জড়িত হৈ আছে তেওঁলোকৰ চাকৰিৰ লগত ৷
ৰাজ্যত আৰম্ভ হৈছে মেদবহুল আৰক্ষীৰ ওজন জোখা পৰ্ব । গধুৰ দেহা এটিৰে চাকৰিত যোগদান কৰা আৰক্ষীৰ চকুত নাইকিয়া হৈছে টোপনি । বুধবাৰৰ পৰা আৰম্ভ হৈছে আৰক্ষীৰ ওজন জোখা পৰ্ব । স্বাধীনতা দিৱসৰ পিছদিনাই আৰক্ষীয়ে শাৰী পাতিছে ওজন জুখিবলৈ ।
স্বাধীনতা দিৱসৰ পিছদিনাই নলবাৰীতো দেখিবলৈ পোৱা গ’ল আৰক্ষীৰ ওজন জোখা পৰ্ব । এইদৰে নিজৰ ওজন জুখিবলৈ শাৰী পাতিছে আৰক্ষী বিষয়া কনিষ্টবলসকলে । গা গধুৰ আৰক্ষীৰ চলিছে জোখমাখ ৷ দেহৰ ওজনৰ লগতে লোৱা হৈছে উচ্চতাৰ মাপ । কাৰোবাৰ যদি নব্বৈ কিলোগ্ৰাম কাৰোবাৰ আকৌ আশীৰ অতিক্ৰম কৰিছে ওজনে । চিন্তাক্লিষ্ট হৈ ওজন জোখা যন্ত্ৰত উঠিছে আৰক্ষীসকল, জুখিছে উচ্চতা । পিছে মেদবহুল আৰক্ষী সম্পৰ্কত বিভাগে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে মন কৰিবলগীয়া কথা ।