Human Trafficking: ত্ৰিপুৰাত অসম আৰক্ষীৰ অভিযান, দুই মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By

Published : Jul 31, 2023, 8:52 PM IST

thumbnail

কৰিমগঞ্জ, 31 জুলাই : দেওবাৰে নিশা কৰিমগঞ্জৰ পৰা ত্ৰিপুৰাৰৰ বিলোনিয়া আৰক্ষী থানাত হাজিৰ হয় অসম আৰক্ষী ৷ মানৱ সৰবৰাহৰ গোচৰৰ ভিত্তিত দুজন অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰি অসমলৈ লৈ আনে অসম আৰক্ষীৰ দলটোৱে ৷ অভিযুক্ত দুটাৰ নাম কাৰ্তিক নামহ আৰু শিৱশংকৰ ঘোষ বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷  দুই অভিযুক্তৰে ঘৰ ঋষ্যমুখ ব্লকৰ নামপাৰা অঞ্চলত ৷ নিশা প্ৰায় 3.30 মান বজাত ঋষ্যমুখ ব্লক নং পাৰাত অসম আৰক্ষী, বি এছ এফ, আৰু বিলোনিয়া আৰক্ষীয়ে যৌথ অভিযান চলাইছিল ৷ এই অভিযানতেই গ্ৰেপ্তাৰ কৰে কাৰ্তিক আৰু শিৱশংকৰক ৷ 

দুই অভিযুক্তৰ বিৰুদ্ধে অসমত গোচৰ নং STF 1/23,  ভাৰতীয় দণ্ডবিধিৰ 120 খ, 121 ক, 153 ক 1 বি, 460, 471 আৰু অন্যান্য ধাৰাত গোচৰ ৰুজু কৰা হৈছিল ৷ নিশাই ধৃত কাৰ্তিক আৰু শিৱশংকৰক লৈ অসম আৰক্ষীয়ে অসমলৈ ৰাওনা হয় ৷ সম্প্ৰতি আৰক্ষীয়ে দুই অভিযুক্তক সোধা-পোচা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Odisha murder case : মংগলা কোঠিত নৰ বলিৰ সন্দেহত মহিলা বেজসহ চাৰিজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.