হিমাচল বিধানসভা সচিবালয় পৰিদৰ্শন অসম বিধানসভাৰ সাতজনীয়া দলৰ, নেতৃত্বত তেৰছ গোৱালা
🎬 Watch Now: Feature Video
Published : Nov 19, 2023, 8:06 AM IST
নিউজ ডেস্ক, 19 নৱেম্বৰ : অসম বিধানসভাৰ এটা সাতজনীয়া দলে শুকুৰবাৰে হিমাচল প্ৰদেশৰ বিধানসভা পৰিদৰ্শন কৰে ৷ উক্ত সময়ছোৱাত অসম বিধানসভাৰ আবেদন সমিতিয়ে ই-বিধানসভা ব্যৱস্থাৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰে ৷ সমিতিখনে হিমাচল বিধানসভাৰ অধ্যক্ষ কুলদীপ পাঠানিয়াক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ বিধানসভা সদনৰ ইতিহাস আৰু বৰ্তমানৰ স্থিতিৰ বিষয়ে তথ্য বিনিময় কৰে । উক্ত সময়ছোৱাত অধ্যক্ষই অসম বিধানসভাৰ দলটোৰ প্ৰতিগৰাকী সদস্যক সন্মানিত কৰে ৷ এই সমিতিখন হিমাচল প্ৰদেশলৈ দুদিনীয়া ভ্ৰমণলৈ আহিছে।
দলটোৰ অধ্যক্ষ তেৰছ গোৱালাই কয়, "হিমাচল প্ৰদেশলৈ অহাটো অতি প্ৰয়োজনীয় আছিল । যিকোনো বিধানসভাত আৱেদন সমিতিৰ পৰিদৰ্শন অতি গুৰুত্বপূৰ্ণ । যদি কোনো বিষয়াই তথ্য বা কাম কৰিবলৈ অস্বীকাৰ কৰে, তেওঁলোকে আৱেদন সমিতিৰ সন্মুখলৈ আহে আৰু শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হয় । অসমতো ই-এচেম্বলী প্ৰণালী গ্ৰহণ কৰা হৈছে ।’’
লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদী থাকিলে চীন-আমেৰিকাক চেৰ পেলাব ভাৰতে: ৰাজস্থানত হিমন্তবিশ্ব শৰ্মা