thumbnail

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 9:11 PM IST

ETV Bharat / Videos

Student Death in Dhemaji: ছাত্ৰৰ মৃত্যুত শোকাকুল ধেমাজিৰ চিমেন চাপৰি

জোনাই, 9 অক্টোবৰ: প্ৰায় 25 দিনৰ পাচত চিকিৎসালয়তে মৃত্যুক আঁকোলি ল’লে অসম চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ অংকুৰ দাৱে ৷ উল্লেখ্য যে 17 চেপ্টেম্বৰত নিশা ছাত্ৰ গৰাকীয়ে কৰ্তব্য পালন কৰি ৰুমলৈ যোৱাৰ সময়তে এখন বাহনে খুণ্ডা মাৰে ৷ ফলত গুৰুত্বৰভাৱে আহত অংকুৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ অৱশেষত দেওবাৰে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে অংকুৰে ৷

অংকুৰ দাৱেৰ মৃত্যুত শোক ছাঁ পৰিছে ধেমাজি চিমেন চাপৰি চমকং গাঁৱত ৷ ভাইগেশ্বৰ দাৱৰ পুত্ৰ অংকুৰৰ মৃতদেহ বাহগৃহত উপস্থিত হোৱাৰ পাচতে কান্দোনত ভাগি পৰি পৰিয়াল তথা আত্মীয় ৷ আনহাতে, অংকুৰৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে মিচিং জাতীয় সংগঠন টি এম পি কেয়েও শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে  ৷ 

লগতে পঢ়ক: Truck theft : চিলাপথাৰত ট্ৰাক চোৰৰ ঘাটি উৎখাত, এজনক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.