অসম মৰাণ সভা আৰু মৰাণ ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত প্ৰতিবাদ - আমছুৰ সংখ্যালঘু ছাত্ৰ সন্থা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-12-2023/640-480-20235136-thumbnail-16x9-deep.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 10, 2023, 10:54 PM IST
তিনিচুকীয়া, ১০ ডিচেম্বৰ: দেওবাৰে বিয়লি তিনিচুকীয়া জিলাৰ বাৰেকুৰিত অসম মৰাণ সভা আৰু মৰাণ ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে কয় যে, অসমৰ বিদেশী ভিত্তিত ১৯৫১ আৰু ১৯৭১ চনক লৈ উচ্চতম ন্যায়ালয়ত বিচাৰ হৈ থকাৰ প্ৰথম শুনানি ইতিমধ্যে আৰম্ভ হৈছে । অসম মৰাণ সভা আৰু সদৌ মৰাণ ছাত্ৰ সন্থাই খিলঞ্জীয়া সন্মিলিত মহাসংঘক শপত নামাৰ যোগেদি নৈতিক সমৰ্থন কৰাৰ লগতে খিলঞ্জীয়া সন্মিলিত মহাসংঘই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ কাৰণে শীৰ্ষ আদালতত যি বিদেশী ভিত্তি বৰ্ষ বিচাৰ হৈছে তাত অসমৰ প্ৰায় ১০০ টা খিলঞ্জীয়া জনগোষ্ঠীয়ে নৈতিক সমৰ্থন আগবঢ়াইছে । লগতে ইয়াৰ বিৰুদ্ধে জমীয়ত-ই-ওলেমা আৰু আমছুৰ সংখ্যালঘু ছাত্ৰ সন্থাই ১৯৭১ চনৰ বিদেশী থাকিব লাগে বুলি প্ৰতিনিধিত্ব কৰি দুজন নেতাই খিলঞ্জীয়াৰ বিৰুদ্ধে আদালতত মন্তব্য দাঙি ধৰিছে, এই মন্তব্যই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ স্বাভিমানত আঘাত দিছে ৷
লগতে আদালতত চলি থকা শুনানিত খিলঞ্জীয়াসকলক এনেধৰণৰ মত প্ৰদান নকৰিবলৈ আহ্বান জনায় তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম মৰাণ সভা আৰু সদৌ মৰাণ ছাত্ৰ সন্থাই ৷ অন্যথা অনাগত দিনত ইয়াতকৈ তীব্ৰভাবে আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক: ক’ত হেৰাল লংকে ? তিনিদিন ধৰি অব্যাহত উদ্ধাৰ অভিযান