Assam man death: সহকৰ্মীৰ হাতত প্ৰাণ হেৰুৱালে আজিজুৰে - হত্যা কৰাৰ অভিযোগ উত্থাপন
🎬 Watch Now: Feature Video


Published : Nov 3, 2023, 5:38 PM IST
চামগুৰি, 3 নৱেম্বৰ : পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ ৷ চামগুৰিৰ ভগামূৰৰ আজিজুৰ ৰহমান নামৰ এজন লোকৰ বহিঃৰাজ্যত মৃত্যু হোৱা ঘটনা পোহৰলৈ আহিছে । তিনিমাহ পূৰ্বে কৰ্মসূত্ৰে কেৰালাৰ থিচুৰলৈ গৈছিল আজিযুৰ ৰহমান । ৰাজমিস্ত্ৰী হিচাপে কেৰেলাৰ থিচুৰত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল মৃত আজিজুৰ ৷
ইফালে লোকজনক কেৰালাত সহকৰ্মী হিচাপে থকা চিদ্দুৰ ৰহমানে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । পৰিয়ালে লোকে জনোৱা অনুসৰি, সহকৰ্মী চিদ্দুৰ ৰহমানে পাবলগীয়া ধনখিনি আজিজুৰ ৰহমানে বিয়লি ভাগত দিম বুলি কৈছিল ৷ তাৰ পিচতে উত্তেজিত হৈ চিদ্দুৰে উপৰ্যুপৰি প্ৰহাৰ কৰে আজিজুৰক । অভিযোগ চিদ্দুৰ ৰহমানৰ প্ৰহাৰত মৃত্যু হয় আজিজুৰ ৰহমানৰ । ইতিমধ্যে ঘটনা সন্দৰ্ভত কেৰালাত পৰিলায়ৰ লোকে এক গোচৰ ৰুজু কৰিছে ।
লগতে পঢ়ক: Murder case in Guwahati: লজ্জা ঢাকিবলৈ নৱজাতকক শৌচাগাৰৰ টেংকিত পেলাই হত্যা