Man missing: বহিঃৰাজ্যলৈ ৰে’লেৰে যোৱাৰ পথত সন্ধানহীন মৰিয়নিৰ এজন লোক

By

Published : Jun 15, 2023, 5:32 PM IST

thumbnail

যোৰহাট, 15 জুন: পুনৰ বহিঃৰাজ্যৰ কৰ্মস্থলীলৈ যোৱাৰ পথত সন্ধানহীন অসমৰ এজন ব্যক্তি ৷ গুজৰাটৰ এটা প্লাউড ফেক্টৰিত কৰ্মৰত আছিল লোকজন ৷ 30 মে’ তাৰিখে আমগুৰিৰ পৰা গুজৰাট অভিমুখী ৰে’লেৰে গৈছিল মৰিয়নিৰ নিতু গগৈ (40) নামৰ লোকজন ৷ মৰিয়নিৰ চেলেংহাট টেঙাবাৰী গাঁৱৰ নিবাসী আছিল নিতু গগৈ ৷  

কিন্তু গন্তব্যস্থান পোৱাৰ পূৰ্বেই সন্ধানহীন হৈ পৰে নিতু গগৈ ৷ পৰিয়ালৰ লোকে সদৰী কৰা অনুসৰি শেষবাৰৰ বাবে 3 জুন তাৰিখে যোগাযোগ হৈছিল নিতু গগৈৰ সৈতে ৷ সেই সময়ত তেওঁৰ বেগটো ৰে’লত হেৰুৱা বুলি অৱগত কৰিছিল ৷ তাৰ পাচৰে পৰা পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে ৷ নিতু গগৈ কোনো দুষ্ট চক্ৰৰ কৱলত পৰা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷  

বিগত 15 দিনে কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক ৷ উল্লেখ্য যে নিতু গগৈৰ আছে এগৰাকী পত্নী ৷ নিতু গগৈৰ সন্ধান উলিওৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে পত্নী তথা পৰিয়ালৰ লোকে ৷  

লগতে পঢ়ক: Bus accident near Srinagar : তীৰ্থযাত্ৰী ভৰ্তি বাছ দুৰ্ঘটনাগ্ৰস্ত, ১৫ যাত্ৰী আহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.