মধ্য প্ৰদেশৰ ৰাজপথত ডিঙি ৰেপি আত্মহত্যা অসমৰ যুৱকৰ
🎬 Watch Now: Feature Video
Published : Dec 2, 2023, 12:32 PM IST
|Updated : Dec 2, 2023, 2:59 PM IST
নিউজ ডেস্ক, ২ ডিচেম্বৰ: মধ্য প্ৰদেশৰ তাল আৰক্ষী থানাৰ সমীপৰ এখন ধাবাৰ সন্মুখত অসমৰ ডুমডুমাৰ এজন যুৱকে চোকা অস্ত্ৰৰে ডিঙি কাটি আত্মহত্যা কৰে ৷ যুৱকজনে আত্মহননৰ প্ৰচেষ্টা চলোৱাৰ পাচতেই স্থানীয় আৰক্ষী আৰু ওচৰৰ লোকে যুৱকজনক বচাবলৈ চেষ্টা চলাইছিল যদিও যুৱকজনে ইতিমধ্যে অকাল মৃত্যুক আঁকোৱালি লয়। দিন দুপৰতে যুৱকজনে এনেদৰে আত্মহত্যা কৰাৰ ঘটনাৰ লাইভ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত সৰ্বত্ৰ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
তাল আৰক্ষী থানাৰ উপ পৰিদৰ্শক মহম্মদ আয়ুব খানে জানিবলৈ দিয়া মতে, যুৱকজনে চোকা অস্ত্ৰৰে ডিঙি কটাৰ পাচতেই নৰেন্দ্ৰ নামৰ ধাবাখনৰ পৰা এজন কৰ্মচাৰীয়ে আহি আৰক্ষীক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে ৷ এই তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ যুৱকজনক স্থানীয় কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যায় আৰু চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । আৰক্ষীয়ে এই সংক্ৰান্ত ইতিমধ্য়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷
আৰক্ষী উপ-পৰিদৰ্শকজনে জানিবলৈ দিয়া মতে, মৃত যুৱকজনে অসমৰ পৰা গুজৰাটৰ মৰ্বিলৈ কৰ্মসূত্ৰে গৈ আছিল । যুৱকজনে ৰে‘লত তেওঁ সতীৰ্থসকলৰ পৰা বিচ্ছিন্ন হৈ আলোটৰ পৰা তালত আহি উপস্থিত হয় ৷ কিন্তু যুৱকজনে কিয় আত্মহননৰ পথ বাচি ল’লে সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত ৷ সম্প্ৰতি আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক: বহিঃৰাজ্যত দুৰ্বৃত্তৰ নিৰ্মম প্ৰহাৰত প্ৰাণ গ’ল অসমৰ যুৱকৰ