thumbnail

By

Published : Jan 13, 2023, 9:57 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Bhogali uruka market: উৰুকা বুলি গুৱাহাটীত অধিক দৰত বেচিব নোৱাৰিব মাংস

কাইলৈ মাঘ বিহুৰ উৰুকা (Bhogali Bihu Uruka in Assam) ৷ ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীৰ উখল-মাখল পৰিৱেশ ৷ সকলোৱে উৰুকাৰ নিশা ভেলাঘৰত এসাঁজ লগে ভাগে খোৱাৰ বাবে যো-জা চলাইছে (Bhogali Bihu preparation in Assam)  ৷ বজাৰ উভৈনদী হৈ পৰিছে, বিভিন্ন মাছ, কুকুৰা, হাঁহ, ছাগলী আদিৰ মাংসৰে ৷ লাৰু, পিঠা, চিৰা, দৈ, গুৰ আদি বিধে বিধে জলপান উপলব্ধ হৈছে বজাৰত ৷ গ্ৰাম্যাঞ্চল সমূহত অৱশ্যে বজাৰৰ পৰা জা-জলপান কিনাৰ পৰিৱৰ্তে ঘৰে ঘৰে তৈয়াৰ কৰাৰ এক প্ৰথা আজিও চলি আছে ৷ 

উৰুকাৰ বজাৰ বুলিলে সকলোৱে দুপইচা অধিক অৰ্জনৰ কথা ভাবে ৷ পিচে উৰুকাৰ বজাৰ বুলি বিক্ৰেতাসকলে এইবাৰ অধিক দৰত বিক্ৰী কৰিব নোৱাৰিব ছাগলীৰ মাংস তথা হাঁহ-কুকুৰা (Bhogali uruka market)। এই ঘোষণা পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ । শনিবাৰে পুৱাৰ পৰা গুৱাহাটী পৌৰ নিগম আৰু জিলা প্ৰশাসনৰ এটা দল সষ্টম হ’ব উৰুকাৰ বজাৰ সমূহত । অধিক দৰত বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা । গুৱাহাটীৰ পাঞ্জাবাৰী, ছয়মাইল, চেনীকুঠি আদিৰ লগতে আন কেইবাটাও স্থানৰ পশুধন নিগমৰ বিপনী সমূহত পাব সুলভ মূল্যত হাঁহ-কুকুৰাৰ মাংস । কিয়নো পশুধন নিগমত পৰ্যাপ্ত পৰিমাণৰ পশুধন মজুত আছে ৰাইজৰ বাবে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.