thumbnail

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 10:52 PM IST

ETV Bharat / Videos

আলফাৰে এই চুক্তি অসমৰ বাবে লাভজনক হ'ব: বিশ্বজিৎ দৈমাৰী

বৰপেটা, ২৯ ডিচেম্বৰ : বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত চেঙা সমষ্টিৰ অন্তৰ্গত চেনিমাৰীত পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে চেনিমাৰী মহোৎসৱ । বৃহস্পতিবাৰে চেনিমাৰী মহোৎসৱৰ অন্তিম দিনা উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী । চেঙা সমষ্টিৰ নৈপৰীয়া ৰাইজৰ জলন্ত সমস্যা গৰাখহনীয়াৰ কাৰণে বিভাগীয় মন্ত্ৰীৰ সৈতে আলোচনা কৰি অতি কম সময়ৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

ইপিনে, বিদ্যুৎৰ বৰ্ধিত মাচুলক লৈও মন্তব্য প্ৰদান কৰে অধ্যক্ষজনে । অধ্যক্ষৰ মতে এইটো বৰ্ধিত মাচুল নহয়, ধনী মানুহে গাড়ীৰ দাম বাঢ়িলেও অতিষ্ঠ হয় । চৰকাৰৰ সৈতে আলফাৰ হ’ব লগা চুক্তিক আদৰণি জনাইছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । আলফাৰ এই চুক্তি অসমৰ বাবে লাভজনক হ’ব বুলি মন্তব্য কৰে তেওঁ । পৰেশ বৰুৱা মূলসুঁতিলৈ আহিব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

লগতে পঢ়ক : Electricity price hike: বিদ্যুতৰ খৰচ কমাবলৈ ফেন বন্ধ কৰি গছৰ তলত বহক ; বিশ্বজিৎ দৈমাৰীৰ পৰামৰ্শ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.