HSLC exam paper leak: নিশা গুৱাহাটীলৈ প্ৰেৰণ কৰা হ’ব প্ৰণৱ দত্ত আৰু প্ৰসন্ন দাসক - HSLC paper leak case investigation

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 17, 2023, 9:17 PM IST

লখিমপুৰ, 17 মাৰ্চ: CIDয়ে সাময়িকভাৱে স্থগিত ৰাখিলে প্ৰণৱ দত্ত আৰু প্ৰসন্ন দাসৰ জেৰা ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত আছিল প্ৰণৱ দত্ত আৰু প্ৰসন্ন দাস ৷ দুয়োকে জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৷ স্বাস্থ্য পৰীক্ষাৰ পাচতেই দুয়োকে হাজিৰ কৰোৱা হ’ব আদালতত (HSLC exam paper leak) ৷  

আদালতত হাজিৰ কৰোৱাই নিশাৰ ভাগত দুয়োকে প্ৰেৰণ কৰা হ’ব গুৱাহাটীৰ CIDৰ কাৰ্যালয়লৈ ৷ শিক্ষক প্ৰণৱ দত্তক বৃহস্পতিবাৰৰ পৰা জেৰা চলাই থকাৰ বিপৰীতে শুকুৰবাৰে পুৱাৰে পৰা জেৰা চলোৱা হৈছিল প্ৰসন্ন দাসক ৷ গুৱাহাটীৰ CID কাৰ্যালয়ত পুনৰ দুয়োকে চলোৱা হ’ব জেৰা ৷ ইফালে, শুকুৰবাৰে বিয়লি আত্মসমৰ্পণ কৰে প্ৰশ্নকাকত ফাদিল ঘটনাৰ মাষ্টাৰমাইণ্ড কুমুদ ৰাজখোৱাই ৷ কুমুদ ৰাজখোৱাকো সম্প্ৰতি জেৰা চলাই আছে CID আৰু আৰক্ষীয়ে (HSLC paper leak case investigation) ৷ 

লগতে পঢ়ক: HSLC exam paper leaked: প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত কুমুদ ৰাজখোৱাক মাৰাথন জেৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.