কলিয়াবৰত অমৃত সৰোবৰ পৰিদৰ্শন ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ - মুখ্য সচিব পৱন বৰঠাকুৰ
🎬 Watch Now: Feature Video


Published : Dec 24, 2023, 4:05 PM IST
কলিয়াবৰ, 24 ডিচেম্বৰ: দেওবাৰে কলিয়াবৰত উপস্থিত হয় অসম চৰকাৰৰ মুখ্য সচিব ৷ অমৃত সৰোবৰ আঁচনিৰ পুখুৰী পৰিদৰ্শন কৰে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে ৷
কলিয়াবৰ মহকুমাৰ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাতীগাঁও পঞ্চায়তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰূপায়ণ কৰা অমৃত সৰোবৰ আঁচনিৰ পুখুৰী পৱন কুমাৰ বৰঠাকুৰে । মুখ্য সচিবগৰাকীয়ে অমৃত সৰোবৰ পুখুৰী পৰিদৰ্শন কালত কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰ, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, পশ্চিম কলিয়াবৰ খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হামিদুৰ ৰহমান, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পুস্পা মণ্ডল, হাতীগাঁও গাঁও পঞ্চায়তৰ সভাপতি কিশোৰ কৰ্মকাৰ উপস্থিত থাকে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ অমৃত সৰোবৰ আঁচনিখন হাতীগাঁও গাঁও পঞ্চায়তত সুন্দৰকৈ ৰূপায়ন কৰাত মুখ্য সচিবগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে । অমৃত সৰোৱৰ আঁচনিৰ লগত জড়িত সংস্থাসমূহৰ প্ৰকল্পসমূহৰ কামৰ খটিয়ান লোৱা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ ভিত্তিতেই আজি মুখ্য সচিবগৰাকীয়ে কলিয়াবৰ পৰিদৰ্শন কৰে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অমৃত সৰোৱৰ’ আঁচনিৰ অধীনত বিকশিত কৰা জলাশয়ৰ জৰিয়তে আন্তঃগাঁথনি নিৰ্মাণৰে জড়িত সংস্থাসমূহে তেওঁলোকৰ প্ৰকল্পসমূহৰ কামৰ খটিয়ান লোৱা উচিত বুলি মন্তব্য কৰিছিল। এয়া সকলো পক্ষৰ বাবেই লাভদায়ক হোৱাৰ লগতে প্ৰধানমন্ত্ৰীয়ে কৈছিল যে ‘অমৃত সৰোৱৰ’ৰ বাবে খন্দা মাটি অন্যান্য সংস্থাসমূহৰ নিৰ্মাণ প্ৰকল্পত ব্যৱহাৰ কৰিব পৰা যাব ।
লগতে পঢ়ক: আজি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰিব জাগীৰোড-মৰিগাঁও সংযোগী পথত থকা উৰণ সেঁতু