thumbnail

Bhupen Hazarika 97th birthday:ওপজা দিনত এলাগী হৈ পৰিল নেকি সুধাকণ্ঠ ?

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 3:09 PM IST

গুৱাহাটী, 8 ছেপ্টেম্বৰ : সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি 97 সংখ্যক ওপজা দিন । ওপজা দিনটোতে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা ৰজাঘৰীয়াৰ‌ পৰা এলাগী হৈ পৰা‌ দেখা গৈছে ।

গুৱাহাটীৰ জালুকবাৰীত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ শেষ ঠিকনা সমাধিক্ষেত্ৰত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ওপজা দিনত শ্ৰদ্ধা জ্ঞাপন কৰা দেখা গৈছে ।‌ কিন্তু অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতি ৰজাঘৰীয়াই যেন এলাগী মনোভাৱ গ্ৰহণ কৰিছে তেনে অনুভৱ হৈছে । অসম চৰকাৰৰ পৰা সাধাৰণভাৱে অনুষ্টুপীয়াকৈ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা দেখা গৈছে ।

পুৱা ১০ বজালৈ সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত এডাল মালাও আঁৰি থোৱা নাছিল চৰকাৰী পক্ষই । সমাধিক্ষেত্ৰত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই তেওঁৰ প্ৰতি গ্ৰহণ কৰা এলাগী‌ মনোভাৱৰ‌ বাবে ক্ষোভ উজাৰে ।

আনহাতে সমাধিক্ষেত্ৰত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰজাঘৰীয়াই ড৹ ভূপেন হাজৰিকাৰ প্ৰতি গ্ৰহণ কৰা এলাগী‌ মনোভাৱ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্ন এৰাই চলা দেখা যায় । লগতে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সঞ্চালকেও এই বিষয়টো এৰি চলা দেখা যায় ।

লগতে পঢ়ক : Bhupen Hazarika 97th birthday: ‘‘মানুহে মানুহৰ বাবে...’’ সুধাকণ্ঠৰ ওপজা দিনত সমাধিত শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.