Asom Gaurav Award: তিনিচুকীয়াৰ পক্ষী নিৰীক্ষক বিনন্দ হাতীবৰুৱালৈ অসম গৌৰৱ বঁটা - প্ৰকৃতিপ্ৰেমী বিনন্দ হাতীবৰুৱা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17398217-thumbnail-3x2-templates.jpg)
তিনিচুকীয়াৰ দাঁতিকাষৰীয়া নতুন ৰঙাগড়া গাঁৱৰ পক্ষী নিৰীক্ষক, পক্ষীপ্ৰেমী তথা প্ৰকৃতিপ্ৰেমী বিনন্দ হাতীবৰুৱালৈ চলিত বৰ্ষৰ অসম গৌৰৱ বঁটা(Asom Gaurav Award 2022) আগবঢ়োৱাত আনন্দিত হৈ পৰিছে পৰিয়ালবৰ্গ তথা গাঁওবাসী ৷ নতুন ৰঙাগড়া গাঁৱৰ স্বৰ্গীয় টংকেশ্বৰ হাতীবৰুৱা আৰু স্বৰ্গীয় নন্দেশ্বৰী হাতীবৰুৱাৰ পুত্ৰ বিনন্দ হাতীবৰুৱা ৷ তেওঁ ২০০৯ বৰ্ষত মহাবিদ্যালয়ত পঢ়ি থকা সময়ৰে পৰাই নিজৰ দৈনন্দিন খৰচৰ কাৰণে মাগুৰি বিলত নাও চলাই পৰ্যটকসকলক ফুৰাইছিল ৷ পৰৱৰ্তী সময়ত হাতীবৰুৱাই মাগুৰি মটাপুং বিলৰ পক্ষীৰ ওপৰত অধ্যয়ন কৰাৰ লগতে পৰ্যটন ক্ষেত্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জৰিত হৈ পৰে ৷ এই বঁটাটো সপোনৰো অগোচৰ আছিল বুলি জানিবলৈ দিয়ে তেওঁ ৷ সুন্দৰী হাঁহখ্যাত মেণ্ডাৰিন ডাককে ধৰি এইপৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত পাঁচটা চৰাই চিনাক্ত কৰিছে বিনন্দ হাতীবৰুৱাই ৷
Last Updated : Feb 3, 2023, 8:38 PM IST