Flood and Erosion: ৰঙাপৰাৰ মিলনপল্লীত বানৰ সংহাৰ:নৈৰ বুকুত জাহ গ’ল কেইবাটাও বাসগৃহ - জলমগ্ন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 5:31 PM IST

ৰঙাপৰা, 26 আগষ্ট : শোণিতপুৰৰ ৰঙাপৰাত বানৰ তাণ্ডৱ । ৰাজ্যখনত হোৱা মূষলধাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে উফন্দি উঠা ডিপোটা নৈখনে সৃষ্টি কৰিছে ভয়ংকৰ বানৰ । বানৰ ভয়াৱহ ৰূপ দেখি চিন্তিত হৈ পৰিছে মিলনপল্লীবাসী । নৈখনৰ বাঢ়নী পানীয়ে কেইবাটাও পৰিয়ালক দিশহাৰা কৰিলে । নিশা অকস্মাতে পানী বঢ়াত ঘৰৰ একো সা-সামগ্ৰী বচাব নোৱাৰি এতিয়া বিবুধিত পৰিছে বানাক্ৰান্ত ৷

ডিপোটা নৈৰ বানৰ কবলত পৰে কেইবাটাও বাসগৃহ । নৈখনৰ জলস্তৰ বৃদ্ধি হোৱাত সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰে । প্ৰায় ৪০ টা পৰিয়াল এতিয়ালৈকে বানৰ কবলত পৰিছে । নৈখনৰ বাঢ়নী পানীয়ে বুৰাই পেলায় গাঁওখনৰ কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ । এবুকু পানীৰ তলত এতিয়া নৈপৰীয়া ৰাইজৰ বাসগৃহ । চকুৰ সন্মুখতে উটুৱাই গ’ল বাসগৃহ ।

বৰ্তমানলৈকে নৈৰ বুকুত জাহ যায় ৰাজু বাউৰী, আব্দুল হুছেইন, চুনম বাল্মিকী, অম্বিয়া খাতুন, বাবুল গোচাই, মতলিব আলি, উমৰ আলি আৰু খাদবাণু বেগমৰ বাসগৃহ । হঠাৎ হোৱা বানে বাসগৃহৰ ভিতৰত থকা প্ৰায়বোৰ সামগ্ৰী উটুৱাই লৈ যায় । গৃহহীন হৈ পৰে দৰিদ্ৰ পৰিয়ালকেইটা ।

লগতে পঢ়ক : Flood and Erosion in Assam : আই নদীয়ে সৃষ্টি কৰিছে বৃহৎ প্ৰত্যাহ্বানৰ, চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাত ক্ষুব্ধ ভুক্তভোগী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.