Assam CM in Karnataka: নিজৰ গেৰান্টি নোহোৱা ৰাহুল গান্ধীয়ে ৰাইজক কি গেৰান্টি দিব; ড৹ শৰ্মাৰ কটাক্ষ - Assam CM slams Rahul Gandhi

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 1, 2023, 5:22 PM IST

নিউজ ডেস্ক, 1 মে : "ৰাহুল গান্ধীয়ে নিজৰ সাংসদ পদৰে গেৰাণ্টী ল’ব নোৱাৰিলে, নিজৰ গেৰাণ্টী ল’ব নোৱাৰা ৰাহুলে ৰাইজৰ গেৰাণ্টী কেনেকৈ ল’ব ! ৰাহুল গান্ধীৰ কেতিয়াবা দাড়ি দীঘল হয়ে, কেতিয়াবা ছুটী হয়, কেতিয়াবা আকৌ ঘৰৰ বাহিৰত, কেতিয়াবা আকৌ ঘৰৰ ভিতৰত ৷ " কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাহুল গান্ধীক উদ্দেশ্যি তীব্ৰ বাক্যবাণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM slams Rahul Gandhi)৷  

সমাগত কৰ্ণাটক নিৰ্বাচন ৷ সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকৰ টুমকুৰত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰি জনসভাত অংশগ্ৰহণ কৰে (CM Himanta Biswa Sarma campaigning at Karnataka) ৷ 

মুখ্যমন্ত্ৰীয়ে নিজ ভাষণত কানাড়া ভাষাত সম্বোধি সকলোকে সম্ভাষণ জনায় কয় যে, "দুমাহ আগতে, যেতিয়া মই ইয়ালৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছিলো, মই দেখিছিলো যে এইখনেই প্ৰথম ৰাজ্য য’ত ধৰ্মৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থা আছে । সমগ্ৰ দেশতে ধৰ্মৰ ভিত্তিত কোনো সংৰক্ষণ নাই । আম্বেদকাৰজীয়ে সংবিধান প্ৰস্তুত কৰোঁতে ধৰ্মৰ ওপৰত আধাৰিত সংৰক্ষণৰ বিষয়ে ক'তো উল্লেখ কৰা নাছিল । কিন্তু কংগ্ৰেছ চৰকাৰে ধৰ্মৰ ভিত্তিত মুছলমান সম্প্ৰদায়ক ৪ শতাংশ সংৰক্ষণ প্ৰদান কৰিছিল । কিন্তু বিজেপিয়ে কি কৰিলে ? তেওঁলোকে ধৰ্মৰ ভিত্তিত ৪ শতাংশ সংৰক্ষণ আঁতৰাই দি লিংগায়ত আৰু ভক্কালিগাসকলৰ বাবে ২ শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰিছিল (CM Himanta Biswa Sarma slams congress) ৷"

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কংগ্ৰেছক উদ্দেশ্যি কয় যে, এতিয়া কংগ্ৰেছে কয় যে, যদি তেওঁলোক পুনৰ ক্ষমতালৈ আহে তেন্তে তেওঁলোকে ধৰ্মৰ ভিত্তিত ৪ শতাংশ সংৰক্ষণ পুনৰ কাৰ্যকৰী কৰিব। এতিয়া এই মন্তব্যৰ দ্বাৰা তেওঁলোকে কি বুজায় ? তেওঁলোকে লিংগায়ত আৰু ভক্কালিগাসকলৰ বাবে সংৰক্ষণ কোটা আঁতৰাব বিচাৰে নেকি ? কৰ্ণাটকৰ মানুহে কেতিয়াও ইয়াক অনুমতি নিদিব"। কংগ্ৰেছ যোৱা 75 বছৰ ধৰি শাসনত আছে, কিন্তু তেওঁলোকে কেতিয়াও লিংগায়ত, ভক্কালিগা, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসকলক সহায় কৰা নাছিল ।   

লগতে পঢ়ক: Karnataka Election 2023 : কৰ্ণাটকত বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.