Assam CM HBS visit at Teok: 2024 ৰ ফেব্ৰুৱাৰীত উন্মোচন কৰাৰ সম্ভাৱনা লাচিতৰ সুউচ্চ মূৰ্তি

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 5:42 PM IST

thumbnail

টীয়ক, 12 অক্টোবৰ : দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৃহস্পতিবাৰে যোৰহাটত উপস্থিত হয় । প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে যোৰহাট ষ্টেডিয়ামস্থিত হাই পাৰফৰ্মেন্স স্প’ৰ্টচ চেণ্টাৰ উন্মোচন কৰে ৷ তাৰ পিচতে অৰুণোদয় 2.0 আঁচনিৰ হিতাধিকাৰীক কাৰ্ড বিতৰণৰ কাৰনে জে ডি এচ এ ফিল্ডত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ।

উক্ত কাৰ্যসূচীৰ পাচতে মুখ্যমন্ত্ৰীগৰাকী টীয়কৰ হোলোঙাপাৰস্থিত লাচিত বৰফুকন মৈদাম পৰিদৰ্শন কৰে ৷ নিৰ্মীয়মান লাচিত মৈদাম সাংস্কৃতিক প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী শৰ্মাই ৷ লগতে নিৰ্ধাৰিত সময়ৰ ভিতৰত উক্ত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ।

অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে লাচিতৰ সুউচ্চ মূৰ্তি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰাৰ সম্ভাৱনা আছে ৷ এই বিষয়ে চিন্তা কৰা হৈছে বুলি সংবাদমাধ্যক জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ।

লগতে পঢ়ক:CM in Jorhat: চৰকাৰৰ টাৰ্গেট 32 লাখ অৰুণোদয় হিতাধিকাৰী; সুদূৰ পৰাহত উজনিৰ ফ’ৰলেন !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.