thumbnail

By

Published : Aug 17, 2023, 12:09 PM IST

ETV Bharat / Videos

Assam CM in Jorhat: বিশেষভাৱে সক্ষম প্ৰিয়পলক 62 হাজাৰ টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

যোৰহাট, 17 আগষ্ট : ‘‘মুখ্যমন্ত্ৰীগৰাকীয়ে মোক বাবা বুলি সম্বোধন কৰিছে ৷ তেওঁ মোক পঢ়া-শুনাৰ বাবে তথা এখন ইলেকট্ৰনিক হুইল চেয়াৰ ক্ৰয় কৰিবৰ বাবে 62 হাজাৰ টকা এখন চেক প্ৰদান কৰিছে ৷ লগতে তেওঁ পঢ়া-শুনাৰ ক্ষেত্ৰত ভৱিষ্যতেও মোক আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে ৷’’ এয়া মৰিয়নীৰ প্ৰচুৰ মেধাসম্পন্ন বিশেষভাৱে সক্ষম এজন ছাত্ৰ প্ৰিয়পল সন্দিকৈৰ ভাষ্য ।

উল্লেখ্য যে, আজি যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শেষটো দিন । আজি অৰ্থাৎ বৃহস্পতিবাৰে আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ব্যক্তিক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকল সৈতে পুৱা আহাৰ গ্ৰহণ কৰে । যোৰহাটত মুখ্যমন্ত্ৰীৰ শেষৰ দিনটোত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে প্ৰচুৰ মেধাসম্পন্ন বিশেষভাৱে সক্ষম ছাত্ৰ প্ৰিয়পল সন্দিকৈয়ে ।

প্ৰিয়পল সন্দিকৈ হৈছে মৰিয়নী মহাবিদ্যালয়ৰ বিজ্ঞান শাখা প্ৰথম বাৰ্ষিকত অধ্যয়নৰত ছাত্ৰ । আজি পুৱাই মৰিয়নীৰ এখন এম্বুলেঞ্চেৰে আহি যোৰহাট আৱৰ্ত ভৱনত উপস্থিত হয় প্ৰিয়পল সন্দিকৈ ৷ এখন হুয়ল চেয়াৰত বহি অহা প্ৰিয়পলে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ।

তাৰ পাচতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই প্ৰিয়পল সন্দিকৈক এখন 62 হাজাৰ টকাৰ চেক প্ৰদান কৰে ৷ ভৱিষ্যতে এজন বিজ্ঞানী হ’ব খোজা প্ৰিয়পলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি উফুল্লিত হৈ পৰে ।

লগতে পঢ়ক : Chief Minister in Jorhat: ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত আশীষ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.